ডি ডি নেশ্যনেলত ৰামায়ণ আকৌ এবাৰ শেষ হ’ল। পিতৃ সত্য পালন কৰি ১৪ বছৰলৈ বনবাস স্বীকাৰ কৰি লোৱা পুত্ৰ ৰামচন্দ্ৰক ৰাইজে দেখিলে। পৰম পৰাক্ৰমী ৰাৱনক দমন কৰি সতী সীতাৰ অপমানৰ পোটক তোলা স্বামী ৰামচন্দ্ৰকো ৰাইজে দেখিলে। জনকনন্দিনী সীতাৰ প্ৰতি অফুৰত্ন প্ৰেম থকাৰ পাছতো কেৱল মাথো ৰামৰাজ্যৰ প্ৰজাসকলৰ সন্তুষ্টিৰ বাবে নিজৰ পত্নীক ত্যাগ কৰা ৰজা ৰামচন্দ্ৰকো ৰাইজে দেখিলে। আকৌ সীতাৰ বিয়োগত অসহায় হৈ পৰা আৱেগ বিহ্বল ৰামচন্দ্ৰৰ চকুত চকুপানীও ৰাইজে দেখিলে। আকৌ নিজৰ সন্তানক বুকুত আকোৱালী লোৱা পিতৃ ৰামচন্দ্ৰকো ৰাইজে দেখিলে।
Category: আলোচনা
অসমীয়া মুছলমানৰ নামবোৰ
প্ৰায়ে এটা অভিযোগ উঠে যে ভাৰতবৰ্ষত/ কিছু কিছু পৰিমাণে অসমতো মুছলমানসকলক বিদেশী বুলি কোৱা হয়। ইয়াৰ প্ৰধান কাৰণ হৈছে তেওঁলোকে নিজৰ নামটো নিজৰ ভাষাত নাৰাখি ৰাখে বিদেশী আৰৱী ভাষাত। উদাহৰণস্বৰূপে অসমৰ ৯৯ শতাংশ মুছলমানে আৰৱী বুজি নাপায়। (কোৰাণ স্বৰীফৰ আয়াত বহুতৰে মুখস্থ থাকে, কিন্তু একো নুবুজাকৈ ) কিন্তু নিজৰ ল’ৰা- ছোৱালীৰ নামটো আৰৱীত থিকেই ৰাখে। আৰৱী নাম ৰখাৰ কাৰণে আগতে কিতাপ কিনিবলৈ পাইছিল। আজিকালি অৱশ্যে নেটত খুচৰি ৰাখে। অসমৰ ৯৯ শতাংশ মুছলমান বড়ো, ৰাভা, দেউৰী, কছাৰী, কোচ আদি জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত হোৱা। ইয়াতে পূৰ্ব বংগৰ পৰা প্ৰৱৰ্জনকাৰী ৰূপত অহা মুছলমানো আছে যদিও তেওঁলোকৰ পূৰ্বপুৰুষসকলো থিক তেনেকৈয়ে কোচ, ৰাজবংশী আদিৰ পৰা ধৰ্মান্তৰিত হোৱা মুছলমান। কিন্তু তেওঁলোকেও নিজৰ জনগোষ্ঠীয় চিনাকী পাহৰি নিজৰ ভাষা পাহৰি বিদেশী ভাষাত নিজৰ নামবোৰ ৰাখিলে। মোৰ নিজৰে পূৰ্ব -পুৰুষ দেউৰী আছিল বুলি শুনিছো যদিও দেউৰী ভাষা সংস্কৃতিৰ বিষয়ে মই একো নাজানো। গতিকে মই সকলোকে অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ ভৱিষ্যত প্ৰজন্মৰ নামবোৰ যদি আমি নিজৰ অসমীয়া ভাষাত নাৰাখোনো কিয়? শুনিবও সুৱলা হ’ব। লগতে অসমীয়া চিনাকীও আমাৰ নামতে লুকাই থাকিব।
ভাৰতবৰ্ষৰ ৰাজনীতিত বাওঁপন্থীসকল সদায় পৰাস্ত হয়। কিন্তু বাওঁপন্থী শ্লগান আৰু নেতাসকল ভাৰতত সদায় জনপ্ৰিয় হয়। উদাহৰণ: ভগৎ সিং, সুভাষ বসু, বিষ্ণু ৰাভা। যি কংগ্ৰেছে সদায় বাওঁপন্থীসকল গুণ্ডা, উন্নয়ন বিৰোধী,চীনৰ সমৰ্থক আদি বিভিন্ন অপপ্ৰচাৰ কৰি ফুৰিছিল, কিন্তু নিজৰ বেলিকা সত্তুৰৰ দশকত নিৰ্বাচনত ব্যৱহাৰ কৰিছিল বাওঁপন্থী শ্লগান ‘গৰিবী হটাও’ আৰু এই শ্লগান সফলো হৈছিল।
অসমীয়া, কা আৰু বিভাজনৰ ৰাজনীতি
আহোম স্বৰ্গদেউ চুকাফা আৰু তেখেতৰ পৰৱৰ্তী স্বৰ্গদেউসকলৰ ‘সাত ৰাজ মাৰি এক ৰাজ’ কৰা নীতি আছিল অসমীয়া জাতি গঠনৰ এক আধাৰশিলা স্বৰূপ। আহোম স্বৰ্গদেউসকলে সেইসময়ৰ অসমত ছেদেলী- ভেদেলী হৈ থকা ভিন ভিন জনগোষ্ঠীক সামৰি তেওঁলোকক উপযুক্ত সন্মান দি সকলোকে একতাৰ দোলেৰে বান্ধিবলৈ যি চেষ্টা চলাইছিল সেয়াই আছিল অসমীয়া জাতি গঠনৰ প্ৰাৰম্ভকি প্ৰচেষ্টা।
ক’ৰণাই আমাক কি শিকালে
মন্দিৰ- মূৰ্তি-পূজা- উৎসৱৰ নামত কোটি কোটি টকা অপচয় কৰে বুলি চৰকাৰক বহুতে সমালোচনা কৰি থকা শুনা গৈছে। আকৌ বিপদৰ সময়ত ৰাইজক সাহাৰ্য্য বিচৰা বাবে চৰকাৰক সমালোচনা কৰিছে বহুতে। কিন্তু প্ৰয়োজনীয় কথাটো হৈছে চৰকাখন কোনো অন্য গ্ৰহৰ প্ৰাণী নহয়, তেওঁলোক আমাৰ মাজৰে একো একোজন, তেওলোক আমাৰ দ্বাৰাই নিৰ্বাচিত আমাৰেই প্ৰতিনিধি।
ল’ৰালিৰ কোনোবা এটা গৰম বন্ধত ৰ’দে ৰ’দে ঘূৰি ফুৰাৰ কাৰণে মায়ে ধমক দি হাতত কিতাপ এখন দি কোঠা এটাত সুমুৱাই থৈছিল। কিতাপখন আছিল “বুঢ়ী আইৰ সাধু।” বাহিৰলৈ খেলিবলৈ যাব নোৱাৰাৰ খঙত কিতাপখন লাড্ডু কৰি পেলাইছিলোঁ। কিন্তু পাছত বেটুপাতত মৰম লগা আইতাৰ মুখখন দেখা পাই কিতাপখন পঢ়িবলৈ লৈছিলোঁ। নিজৰ আইতাক কেতিয়াও লগ নাপালোঁ, সেইকাৰণেই চাগে কিতাপৰ প্ৰতিটো সাধু মন দি পঢ়িছিলোঁ আৰু ভাবিছিলো নিজৰ আইতা থকা হ’লে চাগে এনে সাধু কথা সদায়ে শুনিবলৈ পালোহেঁতেন। লাহে লাহে সদায় দুপৰীয়া কিতাপখন হাতত লোৱা কৰিলোঁ আৰু কিতাপখনৰ চৰিত্ৰসমূহ অতিকৈ আপোন হৈ পৰিল। তেজীমলা, সৰবজান, কুকুৰীকণা, চম্পাৱতী, ঔকুঁৱৰী আদি চৰিত্ৰসমূহ যেন ভৱাতকৈও আপোন হৈ পৰিল।
‘ৰ’দৰ চিঠি’ৰ বুজা-নুবুজা কথাৰে
প্ৰিয়জনে লিখা চিঠি এখন সময়মতে আহি নাপালে যেনেদৰে অধিৰ আগ্ৰহেৰে ডাকোৱাললৈ বাট চাই থাকে থিক তেনেদৰে ‘ৰ’দৰ চিঠি’ লৈ বাট চাই আছিল অসমীয়া কথাছবিৰ দুৰ্ভগীয়া অনুৰাগীসকলে। তাতে জুবিন গাৰ্গৰ সঙ্গীত পৰিচালনা আৰু জুবিন-পাপনৰ কন্ঠত অত্যন্ত জনপ্ৰিয় হোৱা গীত কেইটাই এই অপেক্ষা আৰু দীঘলীয়া কৰিছিল। অনুৰাগীয়ে হয়তো আশা কৰিছিল এই শতিকাৰ আৰম্ভণীৰ জুবিন-যতীন-মুনীন বৰুৱাৰ যুগৰ পৰিৱেশ আকৌ ঘূৰি আহিব অসমীয়া কথাছবিলৈ। অনুৰাগীৰ সেই আশা পূৰণ হ’ব নে নাই সেয়া সময়ে ক’ব, কিন্তু বহু দিন খালি চিত্ৰগৃহত অসমীয়া কথাছবি চোৱাৰ পাছত টিকটৰ বাবে তেজপুৰৰ ঐতিহাসিক ‘জোনাকী হল’ত হেঁচা-ঠেঁলা কৰিবলগীয়া হোৱাত হয়তো অনেক অনুৰাগীৰ মনত আশাৰ সঞ্চাৰ কৰিছে।
বিষয়: অভিজিত ভট্টাচাৰ্য্য
সিদিনা এটা পষ্টত এজনে অভিযোগ কৰা দেখিছিলোঁ যে অভিজিত ভট্টাচাৰ্য্য নামৰ নাট্যকাৰজনৰ বাবে অতি কম সময়ত ভ্ৰাম্যমান থিয়েটাৰ মৃত্যু মুখত পৰিব। কথাষাৰ সম্পুৰ্ণ ৰূপত মানি ল’ব পাৰি জানো? কিন্তু পৰিস্ংখ্যাই চোন আমাক এখন বেলেগ হে ছবি দিয়ে। যোৱা দহ বছৰৰ নাটক সমূহৰ কথা মনত পেলাওঁক চোন। টেকনিক সৰ্বস্ব নাটক কেইখন বাদ দি মোৰ চোন এইকেইখন নাটকৰ বাহিৰে বেলেগ নাম মনলৈ অহাই নাই- সমীৰণ বৰুৱা আহি আছে, তুমি কোন মোৰ বাবে, দৰা হ’ব কোন, শান্ত শিষ্ট দুষ্ট ছোৱালী, নাচ ময়ুৰী নাচ, পখিলা, অবুজ দৰা অচিন কইনা, গিৰিপ গাৰাপ কইনা, চকু, ঝংকাৰ, ভুল নুবুজিবা ভূপেন দা, মালৱীকা মোৰ বান্ধবী, মা দেউতা আৰু মাইনা, মিলন- মালা, মায়া মাথোঁ মায়া, মৰমৰ বৰষা মৰম ল’বা।
মন কৰিব আটাইকেইখনেই অভিজিত ভট্টাচাৰ্য্যৰ দ্বাৰা ৰচিত আৰু প্ৰায় আটাইকেইখন উক্ত বছৰসমূহত উপাৰ্জনৰ ফালৰ পৰা প্ৰথম তিনিটা স্থানত থকা নাটক।