Categories
নাটক/ চলচ্চিত্ৰ (চিত্ৰনাট্য)

উৰুকা

( এজন অৱসৰ প্ৰাপ্ত শিক্ষক কেইবা দশকৰ পাছত নিজৰ জন্মস্থানলৈ ঘূৰি আহি কি হৈছিল? এই কাহিনীটোকে নিৰ্ভৰ অসমৰ এজন চিনাকী চলচিত্ৰ পৰিচালকৰ তাগিদাত চিত্ৰনাট্যখন লিখিছিলোঁ ২০১৭ চনত এখন পূৰ্ণ দৈৰ্ঘ্য চলচিত্ৰৰ বাবে। কিন্তু বিভিন্ন কাৰণত চলচিত্ৰখন নহ’লগৈ। ৰাইজলৈ সম্পূৰ্ণ চিত্ৰনাট্যখন আগবঢ়ালোঁ। )

উৰুকা

কাহিনী / চিত্ৰনাট্য / সংলাপ:

ফাৰুক আজিজ

গীতৰ কথা:

অভিলাষ দাস

প্ৰফুল্ল শইকীয়া

উৰুকা

চৰিত্ৰসমূহ

১) ভৱানন্দ দাস- অৱসৰ প্ৰাপ্ত শিক্ষক (৬২)

২) কিৰণ দাস- ভৱানন্দ দাসৰ স্ত্ৰী (৫৫)

৩) প্ৰাঞ্জল দাস- ভৱানন্দ দাসৰ পুত্ৰ১ (২৬)

৪) প্ৰীতি দাস- ভৱানন্দ দাসৰ পুত্ৰী (২০)

৫) তপন দাস- ভৱানন্দ দাসৰ মাজু ভাতৃ (৫০)

৬) মীনা ভূঞা- তপন দাসৰ স্ত্ৰী (৪৬)

৭) ভাস্কৰ- তপন দাসৰ পুত্ৰ (২০)

৮) কাকলি- তপন দাসৰ পুত্ৰী (১৭)

৯) বিক্ৰম- তপন দাসৰ পুত্ৰ২ (১০)

১০) পৱিত্ৰ দাস- ভৱানন্দ দাসৰ সৰু ভাতৃ (৪০)

১১) যমুনা ভূঞা- পৱিত্ৰ দাসৰ স্ত্ৰী (৩৪)

১২) প্ৰীতম – পৱিত্ৰ দাসৰ পুত্ৰ (১০)

১৩) জুবিন- পৱিত্ৰ দাসৰ পুত্ৰ (৭)

১৪) আইনু- প্ৰাঞ্জলৰ প্ৰেমিকা (১৮)

উৰুকা

  1. EXT. ROAD– DAY

এখন ট্ৰাক ৰাস্তাৰে গৈ থাকিব। ট্ৰাকখনত আলমাৰী, আলনা, লেপ- তোচক বোজাই কৰা থাকিব। ভৱানন্দ আৰু তেওঁৰ পৰিয়াল এখন মাৰুতী৮০০ ৰে আহি থাকিব। ভৱানন্দৰ মুখত সন্তুষ্টিৰ হাঁহি। প্ৰাঞ্জলে গাড়ী চলাই থাকিব। প্ৰীতিয়ে হেডফোনত গান শুনি বাহিৰলৈ চাই থাকিব। এবাৰ মাৰুতীখন আৰু এবাৰ ট্ৰাকখন ৰাস্তাৰে আহি থাকিব। (নেমকাষ্টিং স্ক্ৰল কৰি থাকিব। নেপথ্যত ভিজি থকা মাটিৰ, সোণাৰু আবেলিৰ গীতটি বাজি থাকিব।)

  • EXT. চোতাল- DAY

অসমীয়া ঘৰ এখনৰ পৰিৱেশ। মাজত চোতাল। তিনিওফালে তিনিটা ঘৰ। ঘৰখনত এটা ব্যস্ত পৰিৱেশ। তপনে ঘৰৰ বাৰাণ্ডাতে ৰৈ চিঞঁৰি ক’ব। বিক্ৰম, প্ৰীতম আৰু জুবিনে চোতালতে ক্ৰিকেট খেলি থাকিব। বাঁহৰ উইকেট, কাঠৰ বেট আৰু পলিথিন আৰু কাগজৰে বন্ধা বল।

তপন: হৌৰা কি কৰিছা? দাদাহঁত আহি পাবৰ হৈছেই। ভাত-তাত হৈছে নে নাই? সময়মতে নাপালে কিন্তু দাদাৰ খং উঠিব।

মীনা: (হাতত হেতা এখন লৈ ঘৰৰ পৰা ওলাই আহি) কিনো এনেই চিঞঁৰ- বাখৰ কৰি আছা ঔ। সকলো সাজু হৈ আছে। তুমি পাকঘৰলৈ গ’লেহে গম পাবা। এনেই ওচৰ চুবুৰীয়াক শুনাই থাকিলে কি হ’ব?

যমুনা: বৌ, ভাত আপোনালোকেও ৰান্ধিছে নেকি? দাদাহঁতক আমাৰ ঘৰতেই ভাতকেইটামান খুৱাম বুলিহে ভাবি আছিলোঁ।

(বিক্ৰম, প্ৰীতম আৰু জুবিনে ক্ৰিকেট খেলিয়ে থাকিব। মাজে মাজে আউট হ’ব, ছিক্স মাৰিব। এবাৰ- দুবাৰ কাজিয়া লাগিব।)

মীনা: ই তই আগতে নকলি কিয়? মোৰ ভাত- ডাইল সকলো হ’লেই। এতিয়া মাছখিনি ৰান্ধিলেই হ’ল আৰু। দাদাই আকৌ বৰালি মাছ বহুত ভাল পাই নহয়, আমাৰ এওঁ আকৌ ৰাতিপুৱাই হাতৰ পৰাই আনি থৈছেই। তহঁতে ৰাতিলৈ মাতিবি দে তেনেহ’লে। (তপনে এবাৰ যমুনাৰ মুখলৈ আৰু এবাৰ মীনাৰ মুখলৈ চাই।)

যমুনা: আমাৰ এওঁ আকৌ কালিয়ে টাউনৰ পৰা মাংস আনি থৈছে। এতিয়া কি কৰোঁ মই ইমানবোৰ মাংস?

তপন: (অলপ খঙত) তোমালোক দুজনি একেখন ঘৰতে থাকা। কোনে কাক কি খুৱাবা আগতে থিক কৰি থব নোৱাৰা নেকি?

মীনা: তুমি নিজে নো কি কৰি আছিলা? পৱিত্ৰই যে কালিয়ে বজাৰলৈ গৈছিল তুমি গমেই নাপালা। দিনতো খালি টিভি টিভি। (তপনে থতমত খাব।)

তপন: তোমালোকৰ মুখখনক কোনে পাৰে আৰু। যোৱা কাম কৰাগৈ।

মীনা: মুখত ধৰি কথা নক’বা দেই। মই কাম কৰিয়ে আছোঁ। তুমিহে ৰাতিপুৱাৰ পৰা ইফালে সিফালে ঘূৰি আছা।

তপন: মই কিবা এনেই ঘূৰি আছোঁ নে?

মীনা: তোমাক যে মই নেমু আৰু হালধি আনিবলৈ কৈছিলোঁ তুমি আনিলা নে?

(তপনে মূৰত ধৰি পাহৰাৰ ভঙ্গী কৰে। এনেতে বল আহি তপনৰ ককালত পৰে।)

তপন: অ’ই তহঁতৰ কাম নাই নেকি আৰু। ভৰ দুপৰীয়াখন ক্ৰিকেট খেলি আছ যে? গ’লি নে?

(প্ৰীতমে বেটখন হাতত লৈ ভয়ে ভয়ে থিয় হৈ থাকে।)

জুবিন: দুখ পালে নেকি বৰতা? মই প্ৰীতম দাক কৈছিলোঁ লাহে লাহে মাৰিবলৈ। সি নুশুনে।

প্ৰীতম: অ’ই কেতিয়া কৈছিলি? বৰতা, ই মিছা কথা কৈছে দেই। ই কোৱাই নাই।

তপন: (ককাল মোহাৰি মোহাৰি) তঁহতে মাৰি পেলা বুজিছ নে নাই?উফ ও। ককালখন গ’ল আৰু মোৰ।

জুবিন: ককালখন পিটকি দিব লাগিব নেকি বৰতা? ৰ’ব মই মলমতো লৈ আনোঁ।

তপন: হ’ব, তহঁতে মোক ককাল পিটিকি দিব নালাগে। যা ইয়াৰ পৰা। এতিয়াই আতৰ হ।

বিক্ৰম: দেউতা, মাত্ৰ এক অভাৰ আছে। এইখিনি খেলি হ’লেই গুচি যাম।

তপন : গ’লি নে তহঁতগাল? এতিয়াই যা। (মাৰিবলৈ খেদি যাই)

জুবিন : গৈছোঁ গৈছোঁ বৰতা, এনেই পিটিব নালাগে আমাক।

(গোটেইকেইটাই বেট-বল চোতালতে পেলাই থৈ দৌৰে)

তপন  : ক্ৰিকেট খেল, টেণ্ডুলকাৰ হৱ। ভাগ ইয়াৰ পৰা। কাকলি ঔ কাকলি, ক’ত গ’লি? তহঁতৰ বেট ষ্টাম্প ভাঙি এইবাৰ উৰুকাত জুই পুৱাব নোৱাৰোঁ মোৰ নাম বদলি কৰ থবি। কাকলি ঔ কাকলি।

কাকলি: অ’ দেউতা। (মুখত ফেচপেক লগোৱা অৱস্থাত ভিতৰৰ পৰা ওলাই আহে)

তপন  : কি কৰি থাক? ইহঁতকেইটাক একোব একোব লগাই পঢ়াত বহাই থচোন। অঙ্ক কৰিবলৈ লগাই দে।

কাকলি: (বাঁহৰ চেকনি এডাল হাতত) ক্ষতাসুৰহঁত, কাকো শান্তিত থাকিবলৈ নিদিয়। ৰ’ আজি তহঁতক।

(চেকনিডাল হাতত লৈ কাকলিয়ে তিনিওটাকে খেদি খেদি ভিতৰলৈ লৈ যায়।)

তপন  : দাদাহঁত অহাৰ পাছত যদি কিবা গণ্ডগোল কৰ চাবি। বখলিয়াই পেলাম গোটেইকেইটাক। (ৰুদ্ৰ মূৰ্তি ধৰে।)

মীনা   : (ভিতৰৰ পৰা) হৌৰি, আপুনি গ’ল নে? ইহঁতকেইটাৰ লগত লাগি থাকিব নালাগে, আপুনি বজাৰ যাওক। মই ৰৈ থাকিব নোৱাৰোঁ। (মীনাৰ মাত শুনি যেন তপনৰ মাত সৰু হয় গ’ল)

তপন   : (ঢোক গিলি) গৈছোঁ ৰ’বা।

  • EXT. জপনা/ ঘৰৰ দুৱাৰ মুখ- DAY

জপনাৰ মুখত মাৰুটি ৮০০ এখন আহি ৰয়। হৰ্ণ বজায়। ভাস্কৰে দৌৰি গৈ জপনাখন খুলি দিয়ে। গাড়ীখন সোমাই আহে। গাড়ীখনৰ পৰা ভৱানন্দ, কিৰণ আৰু প্ৰীতি নামি আহে। ঘৰৰ গোটেইগাল আহি গাড়ীখনৰ ওচৰতে থিয় হয়। প্ৰাঞ্জলে গাড়ীখন বেক কৰিব ধৰে। ভাস্কৰে অলপ সহায় কৰি দিয়ে। ভাস্কৰে গাড়ীৰ পৰা বেগবোৰ নমাই আনে। সকলো ভিতৰলৈ যায়।

  • EXT. চোতাল- DAY

ভৱানন্দ, কিৰণ, প্ৰাঞ্জল আৰু প্ৰীতি চোতালতে পাৰি থোৱা চকীতে বহে। প্ৰীতিয়ে জিনছ আৰু টপ পিন্ধি থাকে। বাকীবোৰে ওচৰতে থিয় হৈ থাকে। সৰু কেইটাই দূৰত ৰৈ চাই থাকে। যমুনা আৰু মীনাই পানী লৈ আনে। ঘৰখনত এটা উখল- মাখল পৰিৱেশ। ভাস্কৰে বেগবোৰ ভিতৰলৈ লৈ যায়।

কিৰণ : কাকলি তই ইমান ধুনীয়াজনী হৈ উঠিছ। মৰমে লাগিছে পাই তোক। চুলি কেইডালো বহুত দীঘল কৈ ৰাখিছ চোন। তোৰ কাৰণে এটা ল’ৰা এটা চাব লাগিব আৰু। (কাকলিয়ে লাজতে দৌৰ মাৰে)

ভৱানন্দ: উফ। গাঁৱখনৰ ৰাস্তা পদূলিবোৰ বহু ভাল হ’ল দেই। চেন্টাৰটো মই চিনিবই পৰা নাছিলোঁ। ইমান দোকান হ’ল আজিকালি। আমাৰ দিনত সেই মকবুলৰ গেলামালৰ দোকানখন আৰু ফনিৰ দোকানখন। আমি বুট ভজা কিনি খাওঁ।

তপন   : মকবুল দাৰ দোকান আৰু ফনিৰ দোকান এতিয়া বহু ডাঙৰ হ’ল। তই নক’লে চিনিবই নোৱাৰিবি। দাদা, তহঁতৰ বস্তু- বাহিনী অনা ট্ৰাকখন কি হ’ল নো?

ভৱানন্দ: কিয় তোক পৱিত্ৰই কোৱা নাই নেকি? আমি ধেমাজিতে ভাড়াঘৰ এটা থিক কৰিছোঁতো। মই যে মাটীখিনি লৈ থৈছিলোঁ তাৰ ওচৰতে।

তপন    : তয়ে বনাই থৈ যোৱা আমাৰ ইমানখোপা ঘৰ থাকোতে তহঁতেনো আৰু কিয় ভাড়াঘৰ ল’ব লাগে। আমি আকৌ তহঁতে ইয়াতে থাকিবি বুলিহে ভাবি আছিলোঁ।

ভৱানন্দ: ময়ো প্ৰথমতে তেনেকৈয়ে ভাবিছিলোঁ। জীৱনৰ বেছিখিনি সময় গুৱাহাটীতে কটালো যেতিয়া জীৱনৰ বিয়লি বেলাতো নিজৰ গাঁওখনৰ আপোন মানুহ খিনিৰ কাষতেই কটাও। জীৱনৰ আধা বয়স চহৰৰ কংক্ৰিটৰ অৰণ্যৰ মাজতে পাৰ কৰিলোঁ। উফ কি যে অসহ্যকৰ। অলপ মুকলি বতাহ ল’ব নোৱাৰি। তেতিয়া মোৰ নিজৰ গাঁওখনলৈ বৰকৈ মনত পৰে। কিন্তু মই অকল মোৰ কথা ভাবিলেওতো নহ’ব। ইহঁত দুটাৰ কথা আছে নহয়। ইহঁতেতো জীৱনত গাঁও দেখিয়ে নাপালে। গতিকে এতিয়া হয়তো ইহঁতে অসুবিধা পাব পাৰে। সেইকাৰণে মই ধেমাজি চহৰতে ভাড়াঘৰতো লোৱাৰ সিদ্ধান্ত ল’লোঁ। একগুলিত দুই চিকাৰ। চহৰতো থাকিলোঁ আৰু মন গ’লেই আমি গাঁৱলৈ গুচি আহিব পাৰিম। নে কি কওঁ বিক্ৰ্ম? (বিক্ৰমক টানি আনি কোচত বহুৱাই লয়।)

বিক্ৰম  : অ’ অ’ বৰতা। তুমি ভাল কামেই কৰিছা। ময়ো তেতিয়া মন গ’লেই তোমালোকৰ ঘৰলৈ যাব পাৰিম। লগৰবোৰকো ক’ব পাৰিম আমাৰ বৰতাহঁত টাউনত থাকে বুলি।

(গোটেই গালে হাঁহে)

কিৰণ  : বৰ কথাচোন তোৰ। (মুখখন টিপি দিয়ে।)

(মীনাই তপনক কোনেও নেদেখাকে মাতে পৰ্দাৰ ফাকেৰে)

মীনা  : শুনকচোন।

(তপনে বাৰাণ্ডালৈ উঠি আহে)

তপন : এনেকৈ কিয় মাতিছা? তাতেতো ক’ব পাৰা কি কথা আছে?

মীনা  : নহয় মানে বাবাক যে কিতাপ কিনিবলৈ লাগে বুলি কৈছিল পাঁচশ টকা এটা দাদাক ক’বা নেকি এবাৰ?

তপন : কি মানুহ হে তুমি? এতিয়া আহি পাইছে হে। এতিয়াই পইচাৰ কথা ক’লে বেয়া দেখি নহয়।

ভাস্কৰ : মোক কিন্তু কিতাপ আজি লাগিবই। কিমান দিনৰ পৰা কৈ আছোঁ তোমাক।

মীনা   : আপুনি নকয় যদি ময়ে ক’ম। তেতিয়া কিন্তু মোক একো নকবা।

তপন  : ৰ’বা ৰ’বা কিবা এটা কৰিব লাগিব। (গোটেইখিনি কথা মীনা, তপন আৰি ভাস্কৰে সৰু সৰুকে পাতি থাকিব।)

(তপনে চোতাললৈ নামি আহিব)

তপন  : (চিঞঁৰি চিঞঁৰি) নোৱাৰোঁ যা দিবলৈ। যি কৰ কৰগৈ। নাথাকিলে ক’ৰ পৰা দিম। লাগ বুলিলেই টকা এহেজাৰ ক’ৰ পৰা দিম তোক। নোৱাৰ যদি নালাগে যা পঢ়িবলৈ। খেতি কৰিবি পথাৰত।

ভাস্কৰ: দেতা পাঁচশ হে কৈছিলোঁ। (অলপ লাহেকৈ)

তপন  : চুপ। কথা বেছি কৱ। তহঁতেহে পঢ়িছ নেকি কিবা? বেলেগ ল’ৰা- ছোৱালীয়ে পঢ়া নাই। নোৱাৰ যদি যা নালাগে পঢ়িব। যা ওলা ঘৰৰ পৰা।

(ভাস্কৰে খঙতে ওলাই যাবলৈ ধৰে। ইমান পৰে ভৱানন্দ, কিৰণহঁতে মনে মনে চাই আছিল)

ভৱানন্দ: (ভাস্কৰলৈ চাই) অ’ই ভাস্কৰ ৰ’চোন। কি হৈছে ঔ তপন। ল’ৰাটোক এনেকৈ গালি পাৰিছ কিয়? গালি পাৰিলেই সকলো সমস্যা সমাধান হৈ নাযায় নহয়। ইটোৱে সিটোক গালি পাৰিলে যদি সমস্যা সমাধান হ’ল হয় দেশত চোন একো সমস্যাই নাথাকিল হয়।

তপন    : নহয় ঔ দাদা, ইহঁতকেইটাৰ অতপালি বহু বেছি হৈ গৈছে। ইহঁতক যি লাগে তাকেই দিও, তথাপি ইহঁতৰ অভাৱবোৰ শেষ কৰি আনিব নোৱাৰোঁ। মই সাধাৰণ মাস্তৰৰ চাকৰিটোৰে আৰু কিমান টানিম। ইহঁতকেইটাক কও কেতিয়াবা তহঁতকেইটা মোৰ নহয়, কোনোবা ঠিকাডাৰ, ডাক্তৰ- ইঞ্জীনিয়াৰৰ ল’ৰা- ছোৱালী হ’ব লাগিছিল।

প্ৰীতি   : খুড়া ইঞ্জীনিয়াৰ হৈ আজিকালি লাভ নাই। ইঞ্জীনিয়াৰবোৰে আজিকালি চাকৰি নাপায়ে। (প্ৰাঞ্জলক দেখুৱাই। সকলোৱে হাঁহে।)

প্ৰাঞ্জল   : চুপ থাক। (অলপ খঙত)

ভৱানন্দ: ৰচোন ঔ। আচল কথাটোলৈ আহ। আচলতে হৈছে কি?

তপন    : ইয়াক মানে যেতিয়াই তেতিয়াই টকা লাগি থাকে। সদায় কিবা নহয় কিবা এটা লাগি থাকে। আজিও লাগে টকা এহেজাৰ। (ভাস্কৰে নহয় বুলি ক’বলৈ বিচাৰে যদিও তপনে হাতেৰে বাধা দিয়ে।) লাগ বুলিলেই মই ক’ৰ পৰা আনি দিও কচোন।

ভাস্কৰ  : মই কিবা এনেই বিচাৰিছোঁ নে? কিতাপ কিনিবলৈহে লাগে।

ভৱানন্দ: এইখিনি কথা অকল। তাতেই ইমান গালি–গালাজ। (বেক পকেটৰ পৰা পাৰ্চটো উলিয়াই দুখন পাঁচশ টকীয়া ভাস্কৰৰ হাতত দিয়ে।) শুন, আজিৰ পৰা কিবা লাগিলে তই মোক কবি ইহঁতকেইটাক বিচাৰি এনেই গণ্ডগোল বঢ়াই ল’ব নালাগে।

ভাস্কৰ  : (মিচিকিয়া হাঁহি) থেংক ইউ বৰতা।

(কিৰণ আৰু প্ৰীতিয়ে চকুৱে চকুৱে চাই অসন্তুষ্টিৰ ভাৱ দেখুৱাই। তপন আৰু মীনাই সন্তুষ্টিৰ হাঁহি মাৰে। তপনে ভাস্কৰক হাতেৰে পাঁচশ টকা তেখেতৰ বুলি হাতৰ অঙ্গী-ভঙ্গীৰে কয়।)

কিৰণ  : (প্ৰাঞ্জলক উদ্দেশ্যি) অ’ই ইহঁতকেইটাৰ খবৰ লৈছ নে নাই? কি বা কৰিছে ঘৰটোত? বস্তুবোৰ বা ভালকৈ থৈছে নে নাই?

(EXTRA SHOT: নতুন ঘৰ এটাত চকী-টেবুল, বিচনা পাতি থকা দেখুৱাব বা নেদেখুৱালেও হ’ব)

প্ৰাঞ্জল  : মা তুমি একদম চিন্তা নকৰিবা। পৱিত্ৰ খুড়া আছে নহয়। সকলো মেনেজ কৰি থৈছে। কেইবাজনো মানুহ লগাই থৈছে। আমি ৰাতি গৈ অকল শুলেই হ’ল হেনো।

প্ৰীতি    : অলপ বেছিয়ে হ’ল নেকি?

ভৱানন্দ: নাই। ই পৱিত্ৰ থাকিলে সকলো মেনেজ কৰিয়ে দিয়ে। আমি ভাতকেইটামান খাই সন্ধিয়া ইয়াৰ পৰা ওলাই দিম আৰু।

যমুনা   : বৌ আপোনালোক আজি যাব নালাগে। ৰাতিৰ সাজ আমাৰ ইয়াতে থাকিব। কালি ৰাতিপুৱাই গুচি গ’লে হ’ল আৰু। ৰাতি গৈ নতুন ঘৰত ভাত বনাবলৈ ল’লে আহুকালেই হ’ব।

ভৱানন্দ: তোমাৰ প্ৰস্তাৱটি আমি সৰ্ব-সন্মতিক্ৰমে গৃহিত কৰিছোঁ। নে কি কোৱা? (সকলোৱে হয়ভৰ দিব) ময়ো বহুদিন নিজৰ গাঁৱখনত নিজৰ ঘৰখনত ৰাতি থকা নাই। ৰাতিলৈ জুই ধৰিম দেই ল’ৰা-ছোৱালীহঁত। আলু পুৰি খাম আৰু জুইৰ উম লৈ বহু কথা পাতিম। (সৰুকেইটাই “য়ে য়ে” বুলি কিৰিলি পাৰিব।)

  •   EXT. পথাৰৰ মাজৰ ৰাস্তা- DAY

পথাৰৰ মাজে মাজে এটা সৰু ৰাস্তাৰে ভৱানন্দ, বিক্ৰম, প্ৰীতম আৰু জুবিন গৈ থাকিব। ৰাস্তাটোৰ মূৰত অলপ দূৰত এজোপা ডাঙৰ গছ থাকিব। জুবিনে ভৱানন্দৰ হাতত ধৰি জপিয়াই জপিয়াই গৈ থাকিব। দূৰৈত অলপ কুৱলী দেখা যাব। ভৱানন্দই বিভিন্ন কথা কৈ থাকিব। কেতিয়াবা কোনোবা এটা জপিয়াই জপিয়াই আগলৈ দৌৰি যাব আৰু কোনোবা এটা পাছ পৰিব। ভৱানন্দই কথাৰ মাজেৰে হাঁহি হাঁহি সিহঁতৰ মাজৰে এটা হৈ যাব। দূৰৈত কেইটমান ল’ৰাই ফুটবল খেলি থাকিব। ফুটবল খেলৰ হাই-উৰুমি শুনা যাব। নেপথ্যত ভিজি থকা মাটিৰ, সোণাৰু আবেলিৰগীতটি বাজি থাকিব।

ভৱানন্দ: জাননে আমি সৰুতে সদায় ৰাতিপুৱা পথাৰলৈ চাহ লৈ আহিছিলোঁ। দেউতাই ৰাতিপুৱাৰ পৰা হাল বাই সৌ গছডালৰ তলতে জিৰণি লয়।

(হাল বাই আহি এজন মানুহে জিৰণি লৈ থকা এটা দৃশ্য পৰিচালকে বিচাৰিলে দেখুৱাব পাৰে। দৃশ্যতো ক’লা- বগা হ’ব আৰু পৰৱৰ্তী শ্বটতোত বৰ্তমানৰ দৃশ্যৰ লগত গছডালত চুপাৰইম্পজ হৈ যাব।)

জুবিন   : বৰতা, তুমি চাহ খাবলৈ কি লৈ আহিছিলা?

ভৱানন্দ: ৰঙা চাহ, টেকেলী পিঠা, কেতিয়াবা চিৰা, মুড়ী, কেতিয়াবা ভীমকল।

জুবিন   : ময়ো কল খাই বৰ ভাল পাওঁ। (গাবলৈ ধৰে) কল কল কল। কল এবিধ ফল। কল খালে গাত হয় হাতীৰ সমান বল।

বিক্ৰম   : ৰ’ ঔ তোৰ কবিতা শুনিবলৈ আমি অহা নাই নহয়। বৰতাক পথাৰ দেখুৱাবলৈহে আমি আনিছোঁ।

জুবিন   : দেখিছে নে বৰতা, সি মোৰ লগত লাগি আছে।

(ভৱানন্দ কিবা ভাৱত বিভোৰ হৈ থাকে)

প্ৰীতম   : বৰতা, কি ভাবি আছা তুমি?

ভৱানন্দ : জাননে বাৰিষা কালত আমি এইখিনিতে দেউতাই বনাই দিয়া সৰু সৰু চেপাবোৰ পাতি থও। সন্ধিয়া আহি এইবোৰ পাতি থৈ যাওঁ। ৰাতিপুৱা মাগুৰ গৰৈ কিমান যে মাছ লাগি ধৰে।

জুবিন   : মাছবোৰ কি কৰা তুমি? বজাৰলৈ গৈ বেছাগৈ নেকি?

প্ৰীতম   : মুৰ্খ মাছবোৰ কি কৰিব আৰু ঘৰত লৈ যায়। বৰমাই ৰান্ধি দিয়ে চাগে।

ভৱানন্দ : বৰমাৰ তেতিয়া নাছিল নহয়।

জুবিন   : বৰমা আকৌ ক’ত গৈছিল?

প্ৰীতম   : মূৰ্খ, বৰমা তেতিয়া নাছিলেই আকৌ।

      জুবিন   : মোক বাৰে বাৰে মূৰ্খ বুলি কৈ নাথাকিবি হ’লে দেই। খং উঠি যাব আৰু দেউতাক গৈ লগাই দিম।

       ভৱানন্দ : তহঁতে বৰ কাজিয়া কৰি থাক ঔ। যা আজিৰ পৰা নাহো আৰু তহঁতৰ লগত ফুৰিবলৈ।

প্ৰীতম   : নকৰোঁ নকৰোঁ বিদ্যা শপত। এয়া কণত ধৰিছোঁ। (দুবাৰ মান উঠা- বহা কৰি দিয়ে। ভৱানন্দৰ হাঁহি উঠে।)

ভৱানন্দ : এই মাছবোৰ আমি গৈ আইক দিও। আয়ে আমাক পুৰি দিয়ে। আমি নিমখ তেল দি পইতা ভাতেৰে খাওঁ। (ভৱানন্দৰ জীভাত পানী আহি যাব।)

জুবিন    : বৰতা, লগৰবোৰে কৈছে গুৱাহাটীত হেনো মাছ, কণী, কল, আম এইবোৰো দোকানতহে পায়।

ভৱানন্দ : অ’ আকৌ। তাততো ইয়াৰ নিচিনা গছ, পুখুৰী এইবোৰ নাই। গতিকে মানুহে দোকানৰ পৰাই আনে সকলো।

জুবিন    : গছ- পুখুৰী নাইয়ে যদি দোকানবোৰে আকৌ ক’ৰ পৰা আনে। (গোটেইগালে হাঁহে)

বিক্ৰম    : তোৰ যে কি হ’ব? ইমান বুৰ্বক তই।

জুবিন    : অ’ই মোক বুৰ্বক বুৰ্বক কৈ নাথাকিবি দেই। মাৰ মাৰি দিম। বৰতা, গুৱাহাটীত হেনো গাখীৰো টেমাতহে পাই হয়নে?

প্ৰীতম    : অ’ আকৌ। গুৱাহাটীত বোলে স্কুললৈ যাবলৈও বাছতহে যাব লাগে।

(ভৱানন্দই দূৰৈত ফুটবল খেলি থকা কিছুমান ল’ৰাক দেখে)

ভৱানন্দ : সেইবোৰ ক’ৰ ল’ৰা ঔ?

বিক্ৰম  : আমাৰ গাঁৱৰে হয়। খেল চাবলৈ যাবা নেকি?

ভৱানন্দ : খেল চাবলৈ নহয় খেলিবলৈহে যাম।

(গোটেইকেইটা পথাৰলৈ নামি যায় আৰু ফুটবল ফিলডখনৰ ওচৰলৈ যায়। এবাৰত বলতো ভৱান্দৰ ফাললৈ অহাত ভৰিৰে গোৰ মাৰি হাতত তুলি লয়। সকলোৱে হাত তালি মাৰে)

ভৱানন্দ : (বলতো নিবলৈ অহা ল’ৰাটোক শুধে)তই কাৰ ল’ৰা ঔ।

ল’ৰা ১ : মই নগেনৰ ল’ৰা।

ভৱানন্দ : মই থিকেই ধৰিছোঁ।

বিক্ৰম  : বৰতাই এনেই কৈছা।

ভৱানন্দ: মই এনেই কোৱা বুলি ভাবিছ নেকি? মই গোটেইকেইটা কোন কাৰ ল’ৰা কৈ দিম চাবি। (এটা এটাকৈ কৈ যায়) তই নবীনৰ ল’ৰা, তই প্ৰৱীণৰ। তই (অলপ খোকোজা লাগে) প্ৰৱীণৰ। হয়নে?

বিক্ৰম  : এইবাৰ নহ’ল তোমাৰ। ই ৰমণী খুড়াৰ ল’ৰা।

ভৱানন্দ: (এইবাৰ মূৰত নমাজ পিন্ধা টুপী পিন্ধি থকা ল’ৰা এটাক দেখুৱাই) তইতো ৰমীজ দোকানীৰ ল’ৰা হ’বিয়ে।

ল’ৰা২  : অ’। আপুনি কেনেকৈ জানিলে?

ভৱানন্দ: তই মছজিদৰ পৰা আবেলিৰ নামাজ নপঢ়াকৈয়ে ইয়ালৈ খেলিবলৈ অহা নাই জানোঁ? (ল’ৰাজনে হাঁহে) তোৰ বাপেৰেও আগতে এনেকৈ খেলিবলৈ আহি জোনাবৰ বহুদিন কোব খাই থৈছে। (সকলোৱে হাঁহে)

(ভৱানন্দই ল’ৰাকেইজনৰ লগত ফুটবল খেলিবলৈ ধৰিলে। ল’ৰাকেইজনে প্ৰথমতে ভৱানন্দই খেলিবলৈ নোৱাৰিব বুলি ভাবিছিল যদিও বহুত ভালকৈয়ে ড্ৰিব্লিং কৰি বলবোৰ আগুৱাই লৈ যায়। এবাৰ এনেকৈ গ’ল পষ্টলৈ বল আগুৱাই লৈ যাওঁতে ভৱানন্দৰ সৰু কালৰ খেল এখনলৈ মনত পৰি গ’ল।সৰুকালৰ শ্বটকেইটা ছুপাৰ ইম্পজ কৰি দেখুৱা যাব। এবাৰ ভৱানন্দই বৰ্তমানত বলতো আগুৱাই লৈ গৈ থাকিব এবাৰ আকৌ সৰুকালৰ ভৱানন্দক দেখা যাব। সৰুকালৰ শ্বটকেইটা ক’লা-বগা কৰি দেখুৱা যাব। বলতো নি সৰুকালৰ ভৱানন্দই গ’ল দি দিয়ে। বেকগ্ৰাউণ্ডত বহুত মানুহৰ চিঞঁৰ- বাখৰ শুনিব। কিন্ত আচলতে ফিলডত দৰ্শক নাথাকে। কিন্তু বৰ্তমানৰ ভৱানন্দৰ শ্বটতো গ’লকিপাৰে ৰাখি দিব। ভৱানন্দই ককালত অলপ বিষ অনুভৱ কৰিব। ককালত হাত দিব। ভৱানন্দই বলটো ভৰিত পৰিলে এবাৰ সৰুকালৰ “অ’ই ভৱা মাৰ মাৰ। অ’ই ভৱা পাছ দে পাছ দে” আৰু এবাৰ “বৰতা এইফালে.… এইফালে মাৰা, পাছ দিয়া বৰতা পাছ দিয়া।” শুনিবলৈ পাব। সৰুকালৰ খেলখনত ভৱানন্দহঁতে জিকিছিল, গতিকে উল্লাস কৰিছিল। কিন্তু এইখন খেলত হাৰে। বিপক্ষৰ ল’ৰাবোৰে গণ্ডগোল কৰে। খেলৰ শেষত নষ্টালজিক হৈ ভৱানন্দই ফিল্‌ডখনলৈ চাই ৰ’ব। Close up shotত ভৱানন্দৰ চকুত চকুপানী দেখা যাব। Aerial Shotত গোটেই ফিল্‌ড খন দেখা যাব।)

  • EXT. বাৰীৰ পাছফাল-DAY

আবেলিৰ সময়। ঘৰৰ বাৰী এখন। তাপোল-পানেৰে বাৰীখন ভৰ্তি হৈ থাকিব। পুখুৰী থাকিব। চাঙ কেইখনমান থাকিব। বিভিন্ন শাক-পাচলিও থাকিব। অলপ দূৰত বাঁহগছ। মীনাই বাৰীতে কিবা পুলি এটা খুচৰি থাকিব। প্ৰাঞ্জল কৰবাৰ পৰা দৌৰা-দৌৰিকৈ আহি পাব।

প্ৰাঞ্জল: খুড়ী, কাকলিয়ে মোক মাতি আছিল। ক’ত আছে তাই?

মীনা : ক’ত আছে বা? অলপ আগতে এইখিনিতে দেখিছিলোঁ। বাৰীৰ পাছফাললৈ যাচোন। সেইফালে বগৰীডালৰ তলতে থাকে কেতিয়াবা।

(প্ৰাঞ্জলে খৰখেদাকৈ বাৰীৰ পাচফাললৈ যাব।)

প্ৰাঞ্জল : কাকলি ঔ কাকলি। ক’ত আছ? (চিঞঁৰিবলৈ ধৰে)

(প্ৰাঞ্জলে গৈ গৈ বগৰীডালৰ তল পাইগৈ। ছোৱালী এজনীয়ে বগৰী গছডাল লৰাই দি বগৰী বুটলিব ধৰে। কিন্তু পকা বগৰী নোপোৱাত অসন্তুষ্ট হোৱা দেখুৱাই। এবাৰত এটা বগৰী লৈ ওচৰতে থকা কাগজ এখনৰ পৰা নিমখ লৈ একামোৰ মাৰে। টেঙা কাৰণে মুখখন বেকেটাই দিয়ে।)

প্ৰাঞ্জল : অ’ই কাকলি। তোক বিচাৰি মই গোটেইখন চলাথ কৰিলোঁ আৰু তই ইয়াত বগৰী খাই আছ।

(ছোৱালীজনীয়ে ঘূৰি চাই। আধা খোৱা বগৰীটো আৰু নিমখ হাতত লৈ এটা চকু মুদি থাকিব। তাই কাকলি নহয় আইনুহে আছিল।)

প্ৰাঞ্জল : তুমি? তুমি ইয়াত কেতিয়া আহিলা?

আইনু : এইখন মোৰহে গাঁও। মইহে তোমাক সুধিব লাগে। তুমি  কেতিয়া আহিলা?

প্ৰাঞ্জল : আমি মানে আগবেলাই আহিলোঁ। গুচি যোৱাৰে কথা আছিল। খুড়ীহঁতে ৰখালে কাৰণে থাকি দিলোঁ।

আইনু : তুমিতো মোক আজি ৰাতিপুৱা মেচেজ দিওতে ঘৰৰ কামত ব্যস্ত থকা বুলিহে কৈছিলা। তুমিতো কৈছিলা তোমালোক টাউনতে থাকিবা বুলি।

প্ৰাঞ্জল : নহয় মানে….

আইনু : মই থিক বুজিছোঁ। তুমি সকলো মিছা কথা কোৱা। লগৰবোৰে থিকে কৈছিল বাংগালোৰত থকা ল’ৰাবোৰক একদম বিশ্বাস কৰিব নালাগে। (ফেঁকুৰিবলৈ ধৰে)

প্ৰাঞ্জল : শুনা না।

আইনু : মোৰ চকুৰ আগতে ইমান মিছা কথা। বাংগালোৰত চাগে আৰু কি কৰি থাকা?

প্ৰাঞ্জল : নহয় ঔ। তুমি মই অহা বুলি ক’লে মোক লগ কৰিবলৈ আহি যোৱা বুলিহে। মা দেউতাৰ আগত লাজ পাম নহয়।

আইনু : এইবোৰ সকলো তোমালোকৰ বাহানা। মই সকলো বুজি পাওঁ। তুমি মোক আগতেও বহুত ঠগিলা। এইবাৰ নোৱাৰা আৰু।

প্ৰাঞ্জল : আৰে সোণজনী শুনা না। মই তোমাক ক’লো হয়য়ে। মই তোমালোকৰ ঘৰলৈ এনেও সন্ধিয়া যোৱা কথা আছিল এই।

আইনু : সকলো মিছা কথা।

প্ৰাঞ্জল : আৰে সঁচাতো।

আইনু : তুমি যে অকল মিছা কথ কোৱা। মই জানোৱে।

প্ৰাঞ্জল : কি মিছা ক’লো মই তোমাক?

আইনু : কিয় তুমি মোক কোৱা নাছিলা ইঞ্জীনিয়াৰিং পাছ কৰাৰ পাছতে মোক বিয়া পাতিবা বুলি। এতিয়া কিমান দিন হ’ল পাছ কৰা কোৱাচোন।

প্ৰাঞ্জল : আৰে মাত্ৰ সাতমাহ হে হৈছে। আগতে মোক ভাল চাকৰি এটা পাই ল’বলৈ দিয়াচোন। একেমাহৰ ভিতৰতে মই বিয়া পাতি পেলাম

আইনু : হৈছে হৈছে। কথাততো তুমি এনেও বৃহস্পতিয়ে। এইবাৰ অসমলৈ অহাৰ পাছত যে তোমাৰ ঘৰত মোৰ কথা কোৱাৰ কথা আছিল। তুমি ক’লা নে?

প্ৰাঞ্জল : মই মানে কম বুলি ভাবিছিলোৱে। কিন্তু এইবোৰআমি গুৱাহাটীৰ পৰা চিফ্‌ট হ’বলগীয়া হোৱাৰ কাৰণেহে।

আইনু : এক কথাত, তুমি কোৱা নাই।(আইনুৱে চিকুটিবলৈ ধৰে প্ৰাঞ্জলৰ হাতত)

প্ৰাঞ্জল : আঃ দুখ পাইছোঁ।

(কাকলি দৌৰি আহে।)

কাকলি : অই আইনু, কি কৰিছ।

প্ৰাঞ্জল  : (হাতখন মোহাৰি) নাই একো নাই।

কাকলি : হ’ল নে কথা পাতি? ব’লা এতিয়া প্ৰাঞ্জল দা, মায়ে চাহ বাকিছে।

(কাকলি আগে আগে প্ৰাঞ্জল পাছে পাছে। আইনুও যাবলৈ বিচাৰে।)

কাকলি : (আইনুক ক’ব) তই ক’ত যাৱ আকৌ?

আইনু  : ময়ো যাম।

কাকলি : মায়ে পিঠি ফালিব। ঘৰলৈ যা। পাছত আহিবি

(আইনুৱে মন মাৰি নিজৰ ঘৰলৈ যাবলৈ ধৰে। কাকলি আৰু প্ৰাঞ্জলে হাঁহে। দুয়ো একেলগে খোজ কাঢ়ি ঘৰলৈ ঘূৰি যাব।)

প্ৰাঞ্জল  : বেচেৰি। অ’ এইবোৰ কথা আকৌ ঘৰত নক’বি গৈ।

কাকলি : কিয় নকম। সকলো কম। মই এতিয়াই গৈ বৰতা আৰু বৰমাক কম গৈ। (হাঁহি হাঁহি কাকলি দৌৰ মাৰে।)

প্ৰাঞ্জল  : ঐ ঐ চাবি কিন্তু।(প্ৰাঞ্জলে লাহে লাহে খোজ কাঢ়ি গৈ থাকে। সন্ধিয়া হৈ আহিব লাহে লাহে।)

  • EXT. চোতাল-NIGHT (Optional)

সকলোৱে মিলি জুই পুৱাই থাকিব। ভৱানন্দৰ কোঁচত জুবিন বহি থাকে। ভৱানন্দই কথা কৈ থাকে। বাকীবোৰে মন দি শুনি থাকে। এবাৰত কোনোবা এজনে খৰী এডাল আগুৱাই দিয়ে। ভৱানন্দৰ কথাত কেতিয়াবা সকলোৱে গিৰ্জনী পাৰি হাঁহে। মীনা আৰু কাকলিয়ে মাজতে চাহ আৰু পিঠা দি থৈ যায়। প্ৰাঞ্জলে কাকলিক ৰখায় টানি জুইৰ ওচৰত। কাকলিয়ে নৰয়। পাকঘৰলৈ দৌৰ মাৰে। মাজতে প্ৰাঞ্জলৰ ফোন আহে। ফোন কৰিবলৈ উঠি আহে। (গোটেই দৃশ্যকেইটা নীৰৱ হ’ব। নেপথ্যত “ভিজি থকা মাটিৰ” গীতটি বাজি থাকিব।)

  • EXT. জপনা/ ঘৰৰ দুৱাৰ মুখ- DAY

ৰাতিপুৱাৰ সময়। প্ৰাঞ্জলহঁত গাড়ীত যাবলৈ ওলাব। ঘৰৰ সকলোৱে জপনা মুখত ৰৈ থাকিব।

ভৱানন্দ : (গাড়ীখনত উঠি ভাস্কৰক উদ্দেশ্যি) অ’ই বাৰীত ইমান কাঠ পৰি আছে। ভালকৈ শুকুৱাই থবিচোন। নষ্ট হৈ যাব নহ’লে। এইবোৰ উৰুকাত কামত আহিব। বহু বছৰৰ মূৰত এইবাৰ উৰুকাত গাঁৱত থাকিম। খুব বিহু মাৰিব লাগিব এইবাৰ। আহোঁ দে। (প্ৰাঞ্জলে গাড়ী ষ্টাৰ্ট দিব) তহঁতে গৈ থাকিবি মাজে মাজে।

(ঘৰৰ সকলোৱে জপনা মুখত ৰৈ হাত জোকাৰি বিদায় জনাব। গাড়ীখনে ধূলি উৰুৱাই থৈ যাব। সিফালৰ পৰা ৰাস্তাৰ কাষেৰে সৰু ল’ৰা দুজনমানে ৰিং দুটামান চকাৰ নিচিনা চলাই আনি থাকিব। কেইজনমানে ওচৰতে মাটিত আঁচ পাৰি কুট কুট খেলি থাকিব।)

  • EXT/INT. ঘৰৰ বাৰাণ্ডা- DAY

ৰাতিপুৱাৰ সময়। ভৱানন্দহঁতৰ টাউনৰ ভাড়াঘৰত। ভৱানন্দই বাৰাণ্ডাত বহি ৰ’দ লৈ বাতৰি-কাকত পঢ়ি থাকিব। কিৰণে চাহ লৈ আহিব। তপন আৰু ভাস্কৰে গেট খোলাৰ শব্দ শুনি কিৰণে ঘূৰি চাব। ভাস্কৰে এমোনা বস্তু আৰু তপনে হাতত ডাঙৰ মাছ এটা লৈ আহিব।

ভৱানন্দ : ইমান ৰাতিপুৱাই ক’ৰ পৰা ওলালিহি। আহ বহ।

তপন    : এ নকবি আৰু। খুড়ীয়েৰাই বস্তু এসোপা যোগাৰ কৰি থৈছিল। ৰাতিপুৱাবই দিয়া নাই। ময়ো লৈ আহিলোঁ আৰু। তাতে ই (ভাস্কৰক দেখুৱাই) পুৱাই মাছটো ধৰিলে। লৈয়ে আহিলোঁ আৰু। (দুয়োজনে বহে)

কিৰণ   : ভালেই কৰিলি দে। আমাৰ এওঁ আকৌ বজাৰৰ চালানী মাছ মুখত দিবই নোৱাৰে নহয়। পাছে তহঁতে নিজৰ কাৰণে ৰাখিলি নে নাই?

ভাস্কৰ  : আছে আছে বৰমা। মস্ত ৰৌ মাছ এটাও ধৰিছিলোঁ নহয়। সেইটো ঘৰত দি থৈ আহিছোঁ।

তপন    : পাছে তহঁতৰ ঘৰ চিজিল হৈছে গৈ নাই?

কিৰণ   : হৈছেগৈ আৰু কিবাকৈ। পৱিত্ৰই গোটেইখিনি থিক কৰি থৈহে গৈছে। সি যে নাথাকিলে কি অৱস্থা হ’ল হয় আমাৰ।

ভৱানন্দ : হৌৰা, তুমি কথাৰ মহলা মাৰিয়ে থাকিবা নে চাহ- তাহ কিবা কৰিবা?

কিৰণ    : কৰিম ৰবাহে। ইহঁতক কি মই নোখোৱাকৈ যাবলৈ দিম নেকি? (ওচৰতে থোৱা মোনাটো ডাঙিবলৈ ধৰে।) ইমান কি বস্তু আনিছ? ইমান গধুৰ মোনাটো। (চিঞঁৰি) অ’ প্ৰীতি, শুনচোন।

ভাস্কৰ  : মইয়ে লৈ যাওঁ দিয়ক বৰমা। ইহঁতকেইটাৰতো উঠিবৰ হোৱাই নাই চাগে।(মোনাখন লৈ ভিতৰলৈ সোমাই যায়। কিৰণ পাছে পাছে যায়।)

ভৱানন্দ : হ’ল বুলিনো আৰু ইমান বস্তু কঢ়িয়াই কঢ়িয়াই কঢ়িয়াই আনিব লাগে নে?

তপন    : ঘৰৰ বাৰীৰ বস্তু হে, একো নহয় দে। ঘৰৰ বাৰীৰ শাক-পাচলিৰ সোৱাদ চহৰত হাজাৰ টকা দিও নাপাওঁ।

ভৱানন্দ: ক’ত পাবি আৰু চহৰত এইবোৰ বস্তু। যিখোপাহে সাৰ দিয়ে আজিকালি।

তপন    : (অলপ নিৰৱতা) দাদা, হেৰি নহয়। কথা এটা আছিল।

ভৱানন্দ: কি?

তপন    : টকা অলপ লাগিছিল। দিব পাৰিবি নে?

ভৱানন্দ: হ’ব দে। লৈ ল’বি।

তপন    : হেৰি মানে। টকা অলপ বেছিকৈয়ে লাগিছিল।

ভৱানন্দ: কিমান মান?

তপন   : পঞ্চাছ হাজাৰমান লাগিছিল।

ভৱানন্দ: (আচৰিত হৈ উঠি বহে) ইমান পইচা কি কৰ?

তপন    : মইতো তোক এনে পইচা নুখুজোৱে দেচোন। নোৱাৰাতহে।

ভৱানন্দ: (অলপ আচৰিত হৈ) ইমান পইচা কিয় লাগে তোক?

তপন    : নহয় মানে। ডিচি অফিচত চাকৰি এটা ওলাইছিল। পিয়নৰ চাকৰি। আমাৰ গাঁৱৰ যে নবীন। সেইযে জীৱন দোকানীৰ পুতেক। তাৰ হেনো এম এল এৰ লগত বহুত ভাল। সিয়ে থিক কৰি দিছে।

ভৱানন্দ: কোনো দৰকাৰ নাই। চাকৰিত পইচা দিবলৈ। হেৰৌ, তাক ভালকৈ পঢ়ি ল’বলৈ দেচোন। তাৰ ডিগ্ৰীটো শেষ হোৱাই নাই। ডিগ্ৰীটো ভালদৰে পাছ কৰিলে এনেও চাকৰি পাবই।

তপন    : তই এবাৰ ভাবি চাচোন। পাৰ নেকি? এনে সুবিধা আৰু নাপাম। ভাস্কৰেও বৰকৈ মন কৰিছিল।

ভৱানন্দ:  মোৰ লগত এতিয়া পইচা নাইয়ে। থাকিলেও মই এইবোৰ কামত তোক পইচা নিদিলোঁ হয়। তাৰ ভাল কিবা এটা হ’লে মই ভালেই পাওঁ দেচোন। কিন্তু এইটো কামত তোক মই সহায় কৰিব নোৱাৰিম। হেৰৌ আজিকালি এনেকৈ কোনেও চাকৰি পাব নোৱাৰে। মইচোন বাতৰি কাকত সদায় চাইয়ে থাকোঁ। এনে কোনো চাকৰিৰ বিজ্ঞাপনটো মই কেতিয়াও দেখা নাই।

তপন   : কথাটো সঁচা। ল’ৰাটোও সিমান বেয়া নহয়। মই ভালকৈ খবৰ লৈছোঁ।

ভৱানন্দ: সেইবোৰ কথা বাদ দে। সি যদি চাকৰি দিব পাৰেই। সি নিজেনো কি কৰি আছে ইমান দিন? মইতো তাক সদায় বজাৰত চান্দা তুলি থকায়ে দেখো। (এনেতে ভাস্কৰ ওলাই আহে) অ’ই ভাস্কৰ, কি শুনিছো এইবোৰ? এইবোৰ কথা তহঁতৰ মূৰত সোমাল কেনেকৈ? আগতে ভালদৰে ডিগ্ৰীটো পাছ কৰচোন। চাকৰি নিজে নিজেই পাই যাবি। মই তোক সহায় কৰিম। কথা দিলোঁ তোক। এইবোৰ মুঠতে বাদ দে।

ভাস্কৰ  : হ’ব দিয়া বৰতা। (তপনৰ মুখত অসন্তুষ্টিৰ অভিব্যক্তি)

  1. INT. পাকঘৰ-DAY

ভৱানন্দই পাকঘৰৰ টেবুল এখনত বহি পাচলি কাটি থাকিব। কিৰণে ভাজি এখন ৰান্ধি থাকিব।

ভৱানন্দ : বুজিছা, আমি ঘৰতো আচাম টাইপৰ নাসাজো দিয়া। চাদ দিয়া ঘৰেই সাজো। আজিকালি বাঁহ কাঠৰ এনেও ভৰসা নাইকিয়া হৈছে। ওপৰতো ঠাই পোৱা যাব। কেতিয়াবা তপন- পৱিত্ৰহঁতে যদি ইয়াতে থাকিবলৈ বিচাৰিলে ওপৰতে কোঠালি একোটা সাজি ল’লেই হ’ল আৰু। তুমি কি কোৱা?

কিৰণ    : মই নাজানোঁ আৰু দেই আপোনাৰ সিদ্ধান্তৰ কথা। দিনটোত দহবাৰমান সলনি হয়।

ভৱানন্দ : ইমান ডাঙৰ সিদ্ধান্ত এটা অলপতো চিন্তা-চৰ্চা কৰিব লাগিবই দিয়াচোন।

কিৰণ    :  কিন্তু চাদ দিয়া ঘৰত কিবা কাঠ- বাঁহ নালাগিব নেকি?

ভৱানন্দ :  লাগিব। কিন্তু আচাম টাইপৰ সমান নালাগে নহয়?

কিৰণ    : আকৌ চাদ দিয়া ঘৰ সাজিলেতো খৰচো বেছি হ’ব। পইচাৰ জোগাৰ কৰিব পাৰিব ইমানবোৰ?

ভৱানন্দ : পইচাৰ যোগাৰ…অলপ কষ্ট হ’ব। কিন্তু কৰিব লাগিব।

কিৰণ    : আপুনিহে জানে আৰু দেই।

ভৱানন্দ : তোমাৰ একাউন্টত ঘৰ সাজিবলৈ থোৱা টকাখিনিৰ বাহিৰেও মই ভাবিছোঁ তোমাৰ আৰু প্ৰীতিৰ নামত থকা এল আই চি দুটাকে ভাঙি দিও।

কিৰণ    : মোৰ এল আই চি ভাঙে পাতে কি কৰে কৰি থাকক। প্ৰীতিৰ এল আই চিত কিন্তু হাত নিদিব দেই। তাইক বিয়া কিহেৰে দিবলৈ খুজিছে আপুনি?

ভৱানন্দ : তুমি অলপ বেছি চিন্তা কৰাহে। মই কিবা হিচাপ-নিকাচ নকৰাকৈ কৈছোঁ নেকি?

কিৰণ    : একো হিচাপ-নিচাপ নাজানে আপুনি। নহ’লে আমি গুৱাহাটীতে এটুকুৰা মাটী ল’ব পাৰিলোঁ হয়।

ভৱানন্দ : গুৱাহাটীত মাটী লোৱাৰ কথা বাদ দিয়াচোন। মোৰ অলপো ভাল নালগে গুৱাহাটিত থাকি। ইচ্ছা কৰা হ’লে কি ল’ব নোৱাৰিলোঁ হয় নেকি?

কিৰণ    : কিন্তু প্ৰীতিৰ বিয়াখন আপুনি কেনেকৈ পাৰ কৰিব বিচাৰিছে?

ভৱানন্দ : প্ৰীতিৰ বিয়াৰ কাৰণে মই পেঞ্চনৰ পৰা পইচা সাঁচি যাম নহয় আৰু তেতিয়ালৈ ই ক’তো এটাও চাকৰি নোপোৱাকৈ থাকিব নে?

(তেনেতে প্ৰীতি সোমাই আহে। বাপেকে কাটি থকাৰ পৰা গাজৰ এটা উঠাই লয়।)

কিৰণ   : (প্ৰীতিক উদ্দেশ্যি) অই শুনিছ নে নাই? বাপেৰে তোৰ বিয়াৰ কাৰণে থোৱা পইচাৰে হেনো ঘৰ বান্ধে?

প্ৰীতি    : ভালেই। মইতো ভালেই পাম। মোৰতো এতিয়া এনেও বিয়া হোৱাৰ মন নাই। (গাজৰ এটাত কামোৰ মাৰে)

  1. EXT/INT. ঘৰৰ বাৰাণ্ডা- DAY

ৰাতিপুৱাৰ সময়। ভৱানন্দহঁতৰ টাউনৰ ভাড়াঘৰত। ভৱানন্দই বাৰাণ্ডাত বহি ৰ’দ লৈ বাতৰি-কাকত পঢ়ি থাকিব। মাজতে ফোনটো উলিয়াই কল কৰে। নম্বৰটো উলিয়াওতে অলপ জুপি জুপি চাব।

ভৱানন্দ : হেল্লো, তপন। হেল্লো, শুনিছ নে। হেৰি আমি যে ঘৰ বনোৱা কথা পাতি আছিলোঁ। কালি খুঁটা পুতিম।…. অ’ অ’…….। নাই, চাদ দিয়া ঘৰেই সজাতো সিদ্ধান্ত ল’লো।…… সেইবাবেই সৰুকৈ পূজা এভাগ আগবঢ়োৱাৰ কথা ভাবিছোঁ। আহিবি গোটেইবোৰ। পৱিত্ৰকো ক’বি। ……. অ’ অ’ থিক আছে।…. কালি ৰাতিপুৱাই আহিবি। তহঁতৰ গোটেইবোৰৰ ভাত খোৱাৰো নিমন্ত্ৰণ থাকিল কালিলৈ।…… অ’ অ’ সোনকালে আহিবি। অলপ লাগি ভাগি দিবিহি।…… মীনা আৰু যমুনাকো আহিবলৈ ক’বি সোনকালে। বৌয়েৰাই অকলে কিমান কৰিব আৰু?…… হ’ব দে আহিবি তেনেহ’লে। ৰাখিছোঁ।

  1. EXT. চোতাল- DAY

গাঁৱৰ ঘৰৰ চোতালত। গোটেইগালে বহি কথা পাতি থাকে। সৰুকেইটাই দৌৰা দৌৰি কৰি থাকে। ফোনত কথা পাতি থাকে তপনে।

তপন  : অ’ হ’ব দে ৰাখিছোঁ। (ফোনটো কাটে) দেখিছ তাৰ কাণ্ড। চাদ ঢালা ঘৰ সাজিবলৈ ওলাইছে। আমাক সকলোকে মাতিছে কাইলৈ। পূজা পাতিছে। ভাত খোৱাৰো নিমন্ত্ৰণ।

মীনা  : তোমাৰ দাদায়েৰৰ বোলে পইচাই নাই। এতিয়া ক’ৰ পৰা ওলাল? আমাৰ ইয়াৰ চাকৰিৰ বাবে পইচা বিচাৰোতে চোন পইচা নাছিলেই। আমি কিবা পইচা লৈ ধাৰ নমৰাকৈ থাকিলো হয় নেকি?

যমুনা : তাকেতো ভাস্কৰে চাকৰিতো পোৱা হ’লে কিমান ভাল আছিল। আচলতে দাদাহঁতে আমাৰ একো ভাল নিবিচাৰেই চাগে? নহ’লেনো নিদিলে হয় নে? আমাৰ এখেতেহে অনবৰত দাদা দাদা কৰি থাকে। দাদা অমুকতো দাদা তমুকতো। এতিয়া পা মছলাটো। ইফালে আমাৰ এখাজ খাই আন এসাজৰ চিন্তা। আনফালে দদায়েকে চহৰত মাটি কিনি দালান সাজিব ওলাইছে।

মীনা  : (তপনক উদ্দেশ্যি) তুমি গ’লে গৈ থাকিবা দেই। মই হ’লে যাবলৈ নোৱাৰোঁ।

তপন  : চহৰত দালান সাজিব ওলাইছে যেতিয়া তাৰ চাগে বহুত পইচা আছে। ক’ত বা লুকুৱাই থয়।

মীনা  : আজিকালি পইচা চণ্ডুকত থব নালাগে নহয়। বেংকত থয় আকৌ।

(হাতত ঘড়ী এটা পিন্ধি পিন্ধি পৱিত্ৰ ওলাই আহে।)

পৱিত্ৰ : তোমালোকে দাদাক এনেই বেয়া পাই থাকা। তোমালোকে ভৱাৰ দৰে দাদাৰ ইমান পইচা নাই নহয়। মই জানোঁ দাদাৰ ক’ত কিমান পইচা থাকে। ঘৰ বনাবলৈ অলপ পইচা সাঁচি থৈছিল সঁচা আৰু বাকীখিনি বেংকৰ পৰা লোণ লৈ এল আই চি ভাঙি যোগাৰ কৰা পইচা। দাদাৰ লগত চাকৰি কৰা মানুহবোৰৰ ঘৰ- দুৱাৰ চাচোন। আৰু দাদাই ইমান ডাঙৰ চাকৰি কৰি এই বুড়া বয়সত এটা ঘৰহে বান্ধিব ওলাইছে। আমিনো কিয় ইমান বেয়া পাব লাগে? দাদাই জানো গোটেই জীৱনটো আমাৰ লগতে পাৰ কৰি দিয়া নাই। দেউতা ঢুকুৱাৰ পাছত দাদাইতো কষ্ট কৰি কৰি আমাক মানুহ বনালে।

যমুনা : এনেই একেবাৰে দদায়েকৰ ভায়েকতো ওলাইছে। একদম মৰমৰ ভায়েক। আলাসৰ লাড়ু। দদায়েকৰ ওপৰত টোপ এটাকে পৰিব নিদিয়ে। আপুনি ক’ত যায় গৈ থাকিব। আমাক কিন্তু ক’তো যাবলৈ লগ নধৰিব। কথা বেয়া হৈ যাব কিন্তু।

  1. EXT./INT. খালি মাটি/ ঘৰৰ ভিতৰ-DAY

ভৱানন্দৰ ঘৰত এটা হুলস্থূলিয়া পৰিবেশ। ভাড়াঘৰৰ ওচৰতে খালি মাটিখিনিত খুটা পুতিব। মিস্ত্ৰীকেইজনমানে চিমেন্ট-মচলা সাজু কৰি থাকিব। পূজাৰীয়ে পূজাৰ সামগ্ৰী লৈ সাজু হৈ থাকে। ওচৰ- চুবুৰীয়াও থাকিব কেইবাজনো। কিৰণ আৰু প্ৰীতি পাকঘৰত ব্যস্ত থাকিব। প্ৰাঞ্জলে ইটো- সিটো কামত থাকিব। ভৱানন্দই গেটখনলৈ চাই থাকিব বাৰে বাৰে। মাজে মাজে কাৰোবালৈ ফোন লগাব। কিন্তু কোনেও নধৰে ফোনটো। আকৌ ব্যস্ত হৈ পৰে। মিস্ত্ৰীকেইজনমানে চিমেন্ট ৰ’ড সাজু কৰি ৰৈ থাকে। ভৱানন্দক উদ্দেশ্যি কয়

পূজাৰী    : দাদা আৰম্ভ কৰি দিয়াই ভাল হ’ব নেকি? নহ’লে দেৰি হৈ যাব।

ভৱানন্দ : তাকইতো ইহঁতকেইটা আহি নাপালেই চোন। আহি পাবৰ হৈছিলেই। সিহঁত নহাকৈ আৰম্ভ কৰি দিলে সিহঁতে বেয়া পাই যাব নেকি আকৌ?

(প্ৰাঞ্জলে কৰবাৰ পৰা আহি পায়)

প্ৰাঞ্জল    : নাপাই দিয়া বেয়া। আমিতো বহুসময় অপেক্ষা কৰিলোৱে। (পূজাৰীজনক উদ্দেশ্যি) খুড়া, আৰম্ভ কৰি দিয়ক।

(পূজাৰীজনে মন্ত্ৰ মাতি মাংগলিক পৰ্ব আৰম্ভ কৰে। ভৱানন্দই হাতেৰে কৰণীখনেৰে চিমেন্টৰ মিশ্ৰণ এটা ঢালি দিয়ে। মিস্ত্ৰীয়ে চিমেন্ট-শিল-বালিৰ মিশ্ৰণটো গাতত ঢালি দিয়ে। পূজাৰীজনে খুটাটোত ৰঙা কাপোৰ এখন বান্ধি দিয়ে। মহিলাসকলে উৰুলী দিয়ে। ভৱানন্দই মানুহবোৰৰ লগত কথা পাতি থাকে যদিও মাজে মাজে গেটখনলৈ চাই থাকে জানোচা কোনোবা আহেই। প্ৰীতি আৰু প্ৰাঞ্জলে মানুহবোৰক মাহ-প্ৰসাদ দিবলৈ ধৰে। কিছুমান মানুহে ভাত খায়। ভৱানন্দই মাজে মাজে ফোন লগাই থাকে। কিন্তু কোনেও নধৰে ফোনটো। আকৌ মানুহক মাত লগায়। কিছুসময় পাছত আলহীবোৰে বিদায় লয়। পাকঘৰত ৰান্ধি থোৱা খোৱা বস্তু বহুত ৰৈ গ’ল।)

কিৰণ     : কি হ’ল? গাঁৱৰ পৰা কোনো নাহিলেই চোন?

ভৱানন্দ  : তাকেইতো কি বা হ’ল? ফোনো লগা নাই কাৰো? কাৰোবাৰ কিবা অসুবিধা হোৱাতো নাই?

প্ৰাঞ্জল     : খুড়াহঁতে, আমি ঘৰ সাজিবলৈ ওলোৱা কথাটোত বাৰু ইমান ভাল পোৱা নাই নেকি?

ভৱানন্দ  : যেতিয়াই তেতিয়াই যি তি কথা নভৱা- নিচিন্তাকৈ কৈ নিদিবি চোন। মই ঘৰ এটা সাজিবলৈ ওলাইছোঁ সিহঁতে কিয় বেয়া পাব? মোৰ ঘৰ মানে সিহঁতৰ ঘৰ নহয় জানোঁ?

প্ৰাঞ্জল     : তেনেহ’লে নাহিল কিয়?

কিৰণ     : অই মনে মনে থাকচোন। এতিয়া এইবোৰ কথা পতাৰ সময় নহয়। ইমানবোৰ যে ভাত- তৰকাৰী ৰৈ গ’ল সেইবোৰ কি কৰিম?

ভৱানন্দ  : যিমান পাৰা ফ্ৰিজত থৈ দিয়াচোন। বাকীখিনি কিবা এটা কৰিব লাগিব। ৰাতিলৈ কোনোবা দুটামান আহি ওলাবও পাৰে।

(প্ৰাঞ্জলে অলপ শেঁতা হাঁহি এটা মাৰে)

  1. EXT/INT. ঘৰৰ বাৰাণ্ডা/ ঘৰৰ ভিতৰ- DAY/ NIGHT

ৰাতিপুৱাৰ সময়। ভৱানন্দহঁতৰ টাউনৰ ভাড়াঘৰত। ভৱানন্দই বাৰাণ্ডাত বহি ৰ’দ লৈ বাতৰি-কাকত পঢ়ি থাকিব। মাজতে ফোনটো উলিয়াই কল কৰে। নম্বৰটো উলিয়াওতে অলপ জুপি জুপি চাব।

ভৱানন্দ  : হেল্লো…..অ’ মই…. পৱিত্ৰ নেকি?….. সিদিনাখন তহঁতৰ কোনো নাহিলি যে।……… নাহ নাই, ফোন এটাতো কৰি জনাব পাৰ।……. হা কি কৈছ? ….. মীনাৰ অসুখ………। তাকেইতো, মই ভাবিছোঁৱে, কাৰোবাৰ কিবা এটা বিপদ হ’ব লাগিব নহ’লে এনেই নহাকৈ থাকিবি নে? ….. সেইবোৰ বাদ দে, মীনাই এতিয়া ভাল পাইছে নে নাই? …… ঠিকেই আছে দে, ভাল হৈছে যদি কোনো চিন্তা নাই……..অ’ আজি উৰুকা নহয়? …… যা যোগাৰ আৰম্ভ কৰিছ নে নাই? …….কি? একো কৰাই নাই। কিয়? …… আজি উৰুকাৰ দিনানো বাৰু এনেকুৱা এলেহুৱাৰ নিচিনা ঘৰতে সোমাই থাকিব লাগে নে? ই ভাস্কৰ ক’ত গ’ল, তাক কামত লাগিব দে? ….. মই গধুলি গৈ পাম। ইয়াৰ পৰা কিবা লৈ যাব লাগিব নেকি? ….. কি? তহঁতে নিজেই কৰিবি নেকি? হ’ব দে তেনেহ’লে আমি গোটেইকেইটা গধুলি গৈ পাম।….. কি কৈছ? মাততো অহা নাই ভালকৈ? …. তহঁতে ফোন কৰিবি? …..অ’ হ’ব দে? ৰাখিছোঁ।

(গধুলি হ’ব। গাঁৱৰ পৰা আহিবলগীয়া ফোনৰ অপেক্ষাত ভৱানন্দই ঘৰৰ ভিতৰতে ফোনটো হাতত লৈ পাইচাৰি কৰি থাকিব।)

ভৱানন্দ  : ই ফোনটো নকৰিলেই চোন। কি বা কৰি আছে সিহঁতে? যা- যোগাৰ বা কৰিছে নে নাই? ভেলাঘৰ বা সাজিছে নে নাই?

প্ৰাঞ্জল     : দেউতা, নহ’লে আমি নাযাওঁ দিয়া গাঁৱলৈ। ইয়াতে আমি চাৰিওটাই মিলি ভালকৈ এসাজ খাওঁ। মই বজাৰৰ পৰা আহোগৈ ৰ’বা। আজি ভালকৈ উদৰ পুৰাই খাব লাগিব।

ভৱানন্দ  : তইনো কি কথাবোৰ কৈ থাক ঔ? উৰুকাৰ ভোজ অকল চাৰিজন মানুহে খোৱা দেখিছ? নিজৰ ঘৰৰ অতসোপা মানুহ গাঁৱত থাকোতে আমি এনেকৈ অকলে চহৰতে উৰুকা পতাতকৈচোন গুৱাহাটীতে ভাল আছিল।

প্ৰাঞ্জল     : চাবা কিন্তু দেই, পাছত কিন্তু বজাৰো বন্ধ হৈ যাব। এনেই বিহুৰ বতৰ।

(প্ৰাঞ্জল ভিতৰলৈ সোমাই যাব। ভৱানন্দই ফোনটো লগাবলৈ চেষ্টা চলাই থাকিব। অলপ সময়ৰ পাছত আন্ধাৰ হ’ব। ভৱানন্দই ফোনলৈ ৰখি ৰখি চকীতে টোপনি যাব। প্ৰাঞ্জলৰ ফোন এটা অহাত ঘৰৰ পাছফালে গৈ লাহে লাহে কথা পাতিবলৈ ধৰে।)

প্ৰাঞ্জল     : হেল্লো, আইনু, কি কৰিছা? ৰাতিপুৱাৰ পৰা এবাৰো খবৰ লোৱা নাই যে?

আইনু     : (ফোনত) তুমি লৈছিলা? এতিয়াতো মইহে ফোন কৰিছোঁ, তোমাৰতো মনত পৰাই নাই ন’ মোলৈ?

প্ৰাঞ্জল   : (বিৰক্তিত) পৰিছে বাবা। মই ৰাতিপুৱাৰ পৰা অলপ ব্যস্ত হৈ আছোঁ। এতিয়া ফোন কৰিম বুলি ভাবিছিলোঁৱে। তেনেকুৱাতে তুমি ফোনটো কৰিয়ে দিলা।

আইনু    : (ফোনত) হৈছে আৰু। অ’ তোমালোক আজি গাঁৱলৈ নাহা নেকি? খুড়াহঁতেচোন ভেলাঘৰ সাজু কৰিলেই।

প্ৰাঞ্জল    : যাম, আমি অলপ পাছতে যাম। (এনেতে ভিতৰত কোনোবাই কিবা কথা পাতি থকা শুনে) ৰ’বা, কোনোবা আহিছে। অলপ পাছত ফোন কৰি আছোঁ হা।

আইনু    : (ফোনত)বেয়া পাইছোঁ যোৱা। ইমান ভয় তোমাৰ? ফোন কৰা বুলি কোনোবাই গম পালেনো কি হ’ব?

প্ৰাঞ্জল    : পাছত কথা পাতি আছোঁ।

আইনু    : (ফোনত) ৰ’বা না, অলপ সময়। আচ্ছা থিক আছে। পাছত কৰিবা। এতিয়া কথাটো কোৱা।

প্ৰাঞ্জল    : কি কথা?

আইনু    : (ফোনত) কোৱা না। বেয়া পাম নহ’লে।

প্ৰাঞ্জল    : (বিৰক্তিত) ওকে ওকে। হ’ব দিয়া। লাভ ইউ। হ’ল?

আইনু    : (ফোনত) থেংক ইউ। লাভ ইউ তু মাচ্ছ। মুমুআআহ।

(প্ৰাঞ্জলে ফোনটো কাটি ভিতৰলৈ সোমাই আহে। ভিতৰত ভৱানন্দই কিৰণক কিবা কৈ থাকে। কিৰণে ভিতৰত কিবা কাম কৰি থাকিব।)

ভৱানন্দ  : ইহঁতকেইটাৰ দ্বাৰা জীৱনত আৰু কোনো কামেই নহ’ব বুজিছা নে? উৰুকাৰ ভোজ পাতিবলৈ ইহঁতৰ সময়ে নহ’ল। কি যে হ’ব? হেৰৌ, বছৰৰ মূৰত এটা বিহু আহে। তাতো তহঁতে মিলিজুলি এসাজ খাব নোৱাৰ নে? এতিয়া ক’ত কি কৰা কোৱা? বজাৰো চাগে এতিয়া বন্ধই হ’ল? আজি উৰুকাৰ দিনা এতিয়া সুধা ভাত খাব লাগিব যেন পাইছোঁ।

প্ৰাঞ্জল    : (খঙত) কি কৈছে খুড়াহঁতে? সিহঁতে উৰুকাৰ ভোজ নাখায়?

ভৱানন্দ  : নাই। ইহঁতকেইটা কোনো কামৰে মানুহ নহয়। সিহঁতৰ সময়ে নহ’ল হেনো।

প্ৰাঞ্জল    : (খঙত) সকলো বাজে কথা এইবোৰ। তুমি সিহঁতলৈ ফোন কৰি নাথাকিবা চোন আজিৰ পৰা। কিবা কথা থাকিলে সিহঁতে নিজেই খবৰ ল’ব? আৰু আমিও গাঁৱলৈ যোৱা বন্ধ কৰিব লাগিব আজিৰ পৰা।

কিৰণ     : তোৰ আকৌ হঠাৎ কি হ’ল?

প্ৰাঞ্জল     : একো হোৱা নাই মোৰ। অ’ এতিয়া আৰু বজাৰ যোৱাৰ সময় নাই। গোটেইকেইজন ওলোৱা, ৰেষ্টুৰেন্টতে এসাজ খাই আহোগৈ। উৰুকাৰ দিনা ৰেষ্টুৰেন্টত খোৱাৰ মজাই অলপ সুকীয়া হ’ৱ। অ’ই ভন্টি, ক’ত গ’লি? সোনকালে ওলা। আমি গাঁৱলৈ আৰু নাযাওঁ। উৰুকাৰ দিনা আমি যাম ৰেষ্টুৰেন্টলৈ।

  1. INT. ৰেষ্টুৰেন্টৰ ভিতৰত-NIGHT

গোটেইকেইজনে ৰেষ্টুৰেন্ট এখনত সোমায়। কৰ্মচাৰী এজনে টেবুল এখনত বহিব দিয়ে আটাইকেইজনক। ৰেষ্টুৰেন্টখন সম্পুৰ্ণ খালি থাকিব।

কৰ্মচাৰী: আমি বন্ধ কৰিবলৈ ওলাইছিলোঁৱে। উৰুকাৰ দিন যে মানুহ নাহেই। (ভৱানন্দই ৰেষ্টুৰেন্টখন চাৰিওফালে ঘূৰি চাই) দুই এজন আহে আৰু বাহিৰৰ মানুহ। লোকেল মানুহবোৰতো উৰুকাৰ ভোজ-ভাততে ব্যস্ত থাকে।

প্ৰীতি    : (কাণৰ পৰা হেডফোনটো আতৰাই) খাবলৈ কি হ’ব? বিহু বুলি স্পেচিয়েল কিবা?

কৰ্মচাৰী: বাইডেও স্পেচিয়েল এতিয়াতো একো নহ’ব। সকলো কৰ্মচাৰী ঘৰলৈ গৈছে ছুটিত। অসমীয়া থালি ল’ব পাৰে। ভাল হ’ব।

প্ৰাঞ্জল  : হ’ব আৰু নাথাকিলে কি কৰিবা? যি আছে তাকে দিয়া।

(কৰ্মচাৰীজনে কাগজ এখনত লিখি ল’লে)

কৰ্মচাৰী: এনে আপোনালোকৰ ঘৰ? ধেমাজিৰ লোকেল নহয় চাগে ন? নহ’লে নো ক’ত আৰু উৰুকাৰ দিনা ৰেষ্টুৰেন্টলৈ আহিলে হয়। (ভৱানন্দৰ চকুকেইটা সেমেকি উঠে)

প্ৰাঞ্জল   : অলপ সোনকাল কৰিবা দেই। (কৰ্মচাৰীজন গুচি যায়)

(ভৱানন্দই মন মাৰি একো কথা নোকোৱাকৈ বহি থাকে। প্ৰাঞ্জল আৰু প্ৰীতিয়ে বিভিন্ন কথা কৈ দেউতাকক হঁহুৱাবলৈ চেষ্টা কৰি থাকে। কিন্তু ভৱানন্দই কোনো কথা নকয়। নেপথ্যত

“  মৰমৰ এজাৰ

নকৰিবি বেজাৰ

সময়ৰ নিয়ম এয়া।…….

আজি যাযাবৰ জীৱনে কিয়নো

ডিঙৰা বান্ধে।” গীতটি বাজিব ধৰিব।)

(অলপ সময় পাছত কৰ্মচাৰীজনে আহি ভাতৰ থালি পৰিবেষণ কৰি যায়)

কৰ্মচাৰী : (এখন প্লেট আগবঢ়াই) উৰুকা স্পেচিয়েল পুৰা আলুৰ পিটিকা। (মিচিকিয়া হাঁহি)

(ভৱানন্দই চামুচ এখনেৰে আলুৰ পিটকা অলপ মুখত লয়। চকু সেমেকি উঠে। বাকীখিনি সময় সকলোৱে নিৰৱে খায়। খোৱা- বোৱা শেষ কৰি বিল পেমেন্ট কৰি আটাইকেইজন ৰেষ্টুৰেন্টৰ পৰা ওলাই আহে।)

  1. EXT./INT. গাড়ীৰ ভিতৰত-NIGHT

উৰুকাৰ ৰাতি। ৰেষ্টুৰেন্টৰ পৰা ওলাই প্ৰাঞ্জলহঁত গাড়ীত উঠেহি। প্ৰাঞ্জলে গাড়ী চলাই থাকিব। গাড়ীৰ সম্মুখৰ চিটত ভৱানন্দ বহে। পাছফালে কিৰণ আৰু প্ৰীতি উঠে। গাড়ীখন ধেমাজি চহৰৰ মাজেৰে ভাড়াঘৰলৈ গৈ থাকে। উৰুকাৰ ভোজ ভাতৰ হাই উৰুমি মিউজিক চিষ্টেমৰ চাউণ্ডৰ এটা সানমিহলি ৰূপ শুনা যাব। এবাৰ বিহু শুনা যাব, এবাৰ আকৌ হিন্দী গীন, হনি চিঙৰ গান, ইংলিছ গান শুনা যাব; মুঠতে পুৰা হুলস্থূল। গাড়ীৰ ভিতৰত কাৰো একো শব্দ নাই। সম্পূৰ্ণ নিৰৱতা। হাই উৰুমিবোৰ সহ্য কৰিব নোৱাৰি ভৱানন্দই কাণত হাত দিয়ে। প্ৰাঞ্জলে খিৰিকীৰ গ্লাছখন উঠাই দিয়ে।

ভৱানন্দ: ইমান হাই উৰুমি। মানুহবোৰে উৰুকাৰ ভোজ খাইছে নে? নে কিবা ডিস্ক ডেন্স কৰিছে? (অলপ নিৰৱতা। প্ৰাঞ্জললৈ চাই) এতিয়া ক’লৈ যাবি?

প্ৰাঞ্জল   : দেউতা, ঘৰলৈকে যাওঁ। ৰাতিও বহু হৈছে নহয়।

ভৱানন্দ: ঘৰলৈ গৈ নো কি কৰিবি? শুইহে থাকিব লাগিব। উৰুকাৰ দিনা ইমান সোনকালে শুই থাকিলে বেয়া দেখি নহয়।

প্ৰাঞ্জল   : তেনেহ’লে ক’লৈ যাবা নো?

ভৱানন্দ: চহৰত মানুহবোৰে উৰুকাৰ আনন্দ কৰিবলৈ নাজানে। গাঁৱতহে উৰুকাৰ আচল মজাতো পোৱা যায়। হাড় কপোৱা ঠাণ্ডাত জুইৰ উম লৈ পুৰা আলু খোৱাৰ মজা ইহঁতে ক’ত বুজিব? (অলপ নিৰৱতা। এবাৰ প্ৰাঞ্জললৈ চাই) নহ’লে এবাৰ গাঁৱৰ পৰা আহিবি নেকি? মোৰ এইবাৰ উৰুকাত গাঁৱত থাকিবলৈ বহু মন আছিল ঔ।

প্ৰাঞ্জল   : মই নোৱাৰোঁ এতিয়া গাঁৱলৈ যাব। খুড়াহঁতেতো তোমাক…. (কিৰণে বাধা দিয়ে হাতেৰে)

ভৱানন্দ: যাবলৈ মন নাই যদি নালাগে দে। ইহঁতকেইটাই কি কৰি আছে বা? (অলপ নিৰৱতা।) ইহঁতকেইটা বৰ এলেহুৱা হ’ল ঔ। উৰুকাৰ দিনাও ইহঁতে ভোজভাত এটাৰো যোগাৰ কৰিবলৈ নোৱাৰে নে? আমাৰ নিজৰ ঘৰততো একো নহ’লেই, গাঁৱৰ বাকীবোৰ ঘৰত চাগে এতিয়া ভেলাঘৰৰ ভিতৰত জুইৰ উম লৈ কথাৰ মহলা মাৰি আছে।

প্ৰাঞ্জল   : (অলপ খঙেৰে) দেউতা, তুমি অলপ মনে মনে থাকিবা নে? কি গাঁও গাঁও কৰি থাকা। তাত এতিয়া আমাৰ কোনো নাই।

ভৱানন্দ: তই পাগল হৈছ নেকি? গাঁৱতে আমাৰ সকলোবোৰ আছে চোন। আমাৰচোন নিজৰ ঘৰখনেই গাঁৱত আছে।

প্ৰীতি    : দাদা, তই খং কিয় কৰিছ? দেউতাইতো থিক কথাই কৈছে। (প্ৰাঞ্জল নীৰৱে থাকে)

ভৱানন্দ: (প্ৰাঞ্জললৈ চাই) অ’ই তই এবাৰ মোক মোৰ গাঁৱখনলৈ লৈ যাব নোৱাৰ নে? অলপো দেৰি নকৰোঁ। কাৰো ঘৰত নোসোমাওঁ। অকল যাম আৰু আহিম। কিমান বছৰ যে হ’ল উৰুকাৰ ৰাতি নিজৰ গাঁওখন নেদেখাৰ।

কিৰণ   : (প্ৰাঞ্জললৈ চাই) দেউতাৰাই ইমান মন কৰিছে যদি লৈ নাযাৱ নো কিয়?

প্ৰাঞ্জল   : (অলপ খঙত)ব’লা তেন্তে। (গাড়ী ঘূৰাব)

(গাঁৱলৈ যাব বুলি কোৱাৰ লগে লগে ভৱানন্দৰ মুখত হাঁহি বিৰিঙি উঠিল।দুগুন উৎসাহত কথা পাতিব ধৰিলে)

ভৱানন্দ: জান নে নাই, আমি আগতে উৰুকাৰ দিনা ৰাতিপুৱাৰে পৰা পুৰা ব্যস্ত থাকোঁ……….।

(গাড়ীখন গাঁৱত সোমোৱাৰ পাছত ভেলাঘৰবোৰ চকুত পৰাৰ লগে লগে ভৱানন্দৰ চকু আনন্দত নাচি উঠিল। কিন্তু গাঁৱতো গান বাজনাৰে চহৰৰ দৰেই পৰিৱেশ দেখি অলপ আচৰিত হ’ল। গাঁৱত গানৰ প্ৰকোপ অলপ কম চহৰতকৈ। এটা ভেলাঘৰৰ সম্মুখত ডেকা ল’ৰাকেইটামানে মদৰ বটল সম্মুখত লৈ হিন্দী গানৰ তালে তালে উদ্দাম নৃত্য কৰি থকাৰ দৃশ্য দেখি ভৱানন্দই মূৰ ঘূৰাই দিলে।)

ভৱানন্দ: ইহঁতসোপাৰ কাৰণে আমাৰ কৃষ্টি-সংস্কৃতি ডুবিল।

(গাড়ীখন ভৱানন্দহঁতৰ ঘৰৰ ওচৰ পাবলৈ হ’ব)

ভৱানন্দ: গাঁৱত চাৰিওফালে মেজিয়ে মেজি, ভেলাঘৰেই ভেলাঘৰেই। আমাৰ ইহঁতকেইটাৰ হে সময় নহ’ল। ইহঁতকেইটাক দেউতাই যে মোক কিয় সপি থৈ গৈছিল মোৰ হাতত? ইমান কষ্ট কৰিও মই ইহঁতকেইটাক মানুহ কৰিব নোৱাৰিলোঁ। এতিয়াও সৰু ল’ৰাৰ দৰেই হৈ আছে। মই নাথাকিলে একো কামেই কৰিব নোৱাৰে।

(কিন্তু গাড়ীখন ওচৰ চপাৰ লগে লগে নিজৰ ঘৰৰ সম্মুখতে এটা ডাঙৰ ভেলাঘৰ দেখিলে।)

ভৱানন্দ: এইটো আকৌ কোনে সাজিলে?

(ভেলাঘৰৰ চাৰিওফালে বিক্ৰম, প্ৰীতম, জুবিনহঁতে দৌৰা-দৌৰি কৰি থাকিব। কাকলিয়ে ওচৰতে মূড়া এটাত বহি পাচলি কাটি থাকিব। মীনা- যমুনাই ডাঙৰ চৌকা এটাৰ ওচৰত বহি কিবা ৰান্ধি থাকিব। ভাস্কৰে ঢোলতো লৈ বিহু মাৰি থাকিব। দুজনীমান ছোৱালীয়ে কঁকাল ঘূৰাই ঘূৰাই বিহু নাচিব। তপন আৰু বিক্ৰমে টকা আৰু তালযোৰ লৈ নাচি থাকিব)

ভৱানন্দ: (অলপ সময় হতভম্ব হৈ নীৰৱে থাকে) গাড়ীখন ঘূৰা। আমি উভতি যাওঁ।

(প্ৰাঞ্জলে গাড়ীখন ঘূৰাব। ভেলাঘৰৰ পৰা বিহুৰ কলি ভাহি আহিব।)

“উৰুকা মাঘৰে     ৰাইজখনে আদৰে

     পথাৰত ভোজভাত খাই,

নৰাচিঙা বিহুখন   ৰাতিলৈ পাতিম গৈ

     মেঘালিৰ গুণগান গাই।….”

 (কঁপা কঁপা থোকা-থুকি মাতেৰে ভৱানন্দইও লগে লগে গাই যাব)

ভৱানন্দ: “উৰুকা মাঘৰে……..    

       মেঘালিৰ গুণগান গাই।”

সমাপ্ত

গীতৰ কথা (ভিজি থকা মাটিৰ)

স্থায়ী

(শুৱনি আমাৰ গাঁওখন অতি

শুৱনী গছেৰে ভৰা…..) (হামিং)

ভিজি থকা মাটিৰ,

সোণাৰু আবেলিৰ

ৰূপোৱালী সাধুকথা;

বিচনী চোতালৰ

তৰা তিৰবিৰ

জোনাকে আকাশ ঢকা।

(আজি) চকুৰে পলকত

       সপোণ সৰে,

       মনৰে মাজত

       ল’ৰালি নাচে।

পথাৰৰ কোলাতে

কোমল ধাননিয়ে

অতীতলৈ মোকে লৈ উৰা মাৰে,

(আজি) যাযাবৰ জীৱনে কিয়নো ডিঙৰা বান্ধে।

প্ৰথম অন্তৰা

(নিচিনো তোমাক ক’ত আছা প্ৰভু

আমি অতি সৰু ল’ৰা……) (হামিং)

ৰবাব বগৰীৰে

দুপৰীয়াৰ ধেমালি

আবেলি বকুলে সৰা।

তগৰ ওঁঠৰ

হাঁহিৰ নিচাত

অতীত মোৰ আলসুৱা।

চকুৰে পলকত

দিনবোৰ বাগৰে,

হাতৰে ৰেখাতে

পথাৰে ওমলে।

এদিন হঠাতে,

অতীতে উচুপে

সময়বোৰ নাজানো

ক’তেনো হেৰালে?

(আজি) যাযাবৰ জীৱনে

কিয়বা ডিঙৰা বান্ধিলে?

দ্বিতীয় অন্তৰা

পোহৰ ৰাতিৰ

অচিন ৰাগীৰ

চোতাল কুঁৱলী ভৰা

লৰ দি দি

ৰবাব বল খেদি

খোজবোৰ হ’ল ডেকা

আজি চকুৰ পলকত ৰবাব নাচে

মনৰ ভিতৰত

তেজে নাচি উঠে

পথাৰৰ বোকাত

কোমল ধাননিয়ে

অতীতলৈ মোক

লৈ উৰা মাৰে

(আজি) যাযাবৰ জীৱনে

কিয়বা ডিঙৰা বান্ধিলে?

তৃতীয় অন্তৰা

মৰমৰ এজাৰ

নকৰিবি বেজাৰ

সময়ৰ নিয়ম এয়া।

এক হৈও সকলো,

থাকিও কাষতে

পঁজা মোৰ উৰুঙা।

চকুৰে পলকতে

চকুলো সৰে,

আশাৰে মেঁজি

উৰুকাত নজ্বলে।

(তথাপিও…) পথাৰৰ কোলাতে

কোমল ধাননিয়ে

অতীতলৈ উৰা মাৰে

আজি যাযাবৰ জীৱনে কিয়নো

ডিঙৰা বান্ধে। (গীতৰ কথা: অভিলাষ দাস)

বিহুগীত

উৰুকা মাঘৰে     ৰাইজখনে আদৰে

     পথাৰত ভোজভাত খাই,

নৰাচিঙা বিহুখন   ৰাতিলৈ পাতিম গৈ

     মেঘালিৰ গুণগান গাই।

অ’ মেঘালি…… মাঘত এইবাৰ কি কি পিঠা বনালি

           খাবলৈ নেমাতিলি

           কিনো জগৰ লগালো তোক

অ’ মেঘালি…… অগ্নিসেৱা কৰিবি

           সেৱা শপত ধৰিবি

           নেপাহৰো বুলি ঐ মোক।

মেঘালি সুৱনী      লাৱনী দাৱনী

      ধানেদাই কাচিখন এৰ,

কাচিদিয়াৰ চলেৰে    তোৰ ঘৰত সোমামগৈ

      নৰা এৰাদি মোক যেন নেৰ। (গীতৰ কথা: প্ৰফুল্ল শইকীয়া)

ADDRESS

Mobile: 9707341360      

Email: faruque.aziz@gmail.com

Leave a comment