মহাত্মা গান্ধীৰ নেতৃত্বত কেইবা দশকো ধৰি চলা সুদীৰ্ঘ স্বাধীনতা আন্দোলনৰ পাছত প্ৰৱল প্ৰতাপী ব্ৰিটিছসকলৰ কৱলৰ পৰা ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। কিন্তু এই স্বাধীনতা ইমান সহজ নাছিল। কেইজনমান স্বাৰ্থলোভী ৰাজনৈতিক নেতাৰ উচ্চাকাংক্ষা, বিশেষকৈ মহম্মদ আলি জিন্নাৰ চক্ৰান্ত আৰু ব্ৰিটিছসকলৰ বিভেদকামী নীতিৰ কাৰণেই ভাৰতবৰ্ষ দ্বিখণ্ডিত হ’ব লগীয়া হৈছিল। ফলস্বৰূপে পাকিস্তানে স্বাধীনতা লাভ কৰিছিল ১৯৪৭ চনৰ ১৪ আগষ্টত আৰু ভাৰতবৰ্ষই এদিন পাছত ১৫ আগষ্টত স্বাধীনতা লাভ কৰিছিল। সিদিনা সমগ্ৰ ভাৰত উপমহাদেশত আনন্দৰ বন্যা বৈ গৈছিল। মানুহে গোটেই ৰাতি উজাগৰে থাকি ৰাজপথত নৃত্য কৰি মিঠাই বিলাই আনন্দ কৰিছিল। কিন্তু ভাৰতবাসীৰ এই আনন্দ ক্ষন্তেকীয়া আছিল। কিয়নো ব্ৰিটিছসকলে ভাৰত ত্যাগ কৰাৰ কিছুদিনৰ পাছতেই সমগ্ৰ ভাৰতবৰ্ষতেই সাম্প্ৰদায়িক সংঘৰ্ষ আৰম্ভ হৈছিল। পাকিস্তানত থকা শিখ আৰু হিন্দুসকলে নিজৰ পৈতৃক ভেঁটি ত্যাগ কৰি ভাৰতবৰ্ষলৈ আহিবলৈ বাধ্য হৈছিল আৰু ভাৰতবৰ্ষৰ বিশেষকৈ পঞ্জাৱ আৰু বংগৰ সৰহ সংখ্যক মুছলমানে ভাৰতবৰ্ষ ত্যাগ কৰিবলৈ বাধ্য হৈছিল। এই বিভাজনত প্ৰায় এক কোটী মানুহে নিজৰ ঘৰ-বাৰী চিৰদিনৰ বাবে এৰি থৈ আহিব লগীয়া হৈছিল আৰু প্ৰায় বিশ লাখ মানুহে নিজৰ জীৱন হেৰুৱাইছিল। শতিকাৰ পাছত শতিকা একেলগে বাস কৰা একে খাদ্যভাষৰ, একে সাজ পোছাকৰ মানুহবোৰ এটা ৰাতিৰ ভিতৰতে পৰস্পৰে পৰস্পৰে শত্ৰু হৈ পৰিছিল। ধৰ্মীয় অনুষ্ঠানবোৰত যিবোৰ মানুহে এসময়ত মিঠাইৰ টোপোলা লৈ শুভকামনা জনাবলৈ গৈছিল, সেইবোৰ মানুহ আকৌ গৈছিল সেইবোৰ মানুহৰ ঘৰলৈ; কিন্তু এইবাৰ গৈছিল হাতত তৰোৱাল লৈ, ইটোৱে –সিটোৰ ৰক্তপান কৰিবলৈ। মানৱতা হেৰাই গৈছিল। মানুহবোৰ ৰাক্ষস হৈ গৈছিল। ভাৰত আৰু পাকিস্তানত হোনো তেতিয়া আৰু কোনো মানুহ হৈ থকা নাছিল। হৈ পৰিছিল কোনোবা হিন্দু, মুছলমান বা শিখহে।
Category: অনুবাদ
১৬ নৱেম্বৰ, ২০১৩; ৱাংখাড়ে ষ্টেডিয়াম, মুম্বাই। শোকস্তব্ধ ভাৰতবৰ্ষ, শোকস্তব্ধ পৃথিৱী।
“মোৰ জীৱন, ২২ য়াৰ্ডৰ মাজত মোৰ ২৪ টা বছৰ, মই বিশ্বাসেই কৰিব পৰা নাই যে মোৰ সুদীৰ্ঘ সুমধুৰ যাত্ৰাৰ শেষ প্ৰান্তত উপনীত হৈছোঁহি।……”
আপুনি হয়তো বুজিব পাৰিছে মই কাৰ কথা ক’ব ওলাইছোঁ। এয়া আছিল আধুনিক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীয়াবিদ ক্ৰিকেটৰ ভগৱানজনৰ অস্ত্ৰ সামৰাৰ প্ৰাকমূহুৰ্তৰ শেষ ভাষণৰ আৰম্ভণী। টেলিভিশ্বনৰ সম্মুখত বহি আপুনিও হয়তো এটোপাল চকুলো টুকিছিল। কিন্তু আপুনি হয়তো চিনি নাপাই অনিল গৌৰৱক। যি সময়ত অনিল গৌৰৱ মুম্বাইৰ (তেতিয়াৰ বোম্বাই) এজন প্ৰসিদ্ধ তাৰকা আছিল; তেতিয়া শিশু শচীনে ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিলহে মাথোঁ। শচীনেও যাৰ পৰা কেতিয়াবা লৈছিল কোনো বেটিং টিপচ্ বা কেতিয়াবা ধাৰলৈ লৈছিল ক্ৰিকেট বেট এখন; সেই অনিল গৌৰৱ আজি পাহৰণিৰ গৰ্ভত বিলীন হৈ গ’ল।
মোৰ নাম অগ্নি গাদিয়াৰাম। ঘৰ অন্ধ্ৰ প্ৰদেশৰ আলামপুৰত। মাতৃভাষা তেলুগু। অসমৰ বিষয়ে মোৰ জ্ঞান মাত্ৰ কাজিৰঙা আৰু চাহপাতৰ মাজতেই সীমাৱদ্ধ আছিল।
আইতাই কৈছিল, “অসম দুখী মানুহসকলৰ নিৰাপদ আশ্ৰয়স্থলী। যিসকলক সংকীৰ্ণ মনৰ মানুহবোৰে নুবুজে, যিসকলে নিজকে বুজি নাপায় আৰু যিসকলৰ কাৰ্যই সভ্য সমাজক আচৰিত কৰি তোলে; তেওঁলোকেই আহে ব্ৰহ্মপুত্ৰ উপত্যকালৈ। ৰহস্যঘন পাহাৰবোৰে যেন তেওঁলোকক অনুপ্ৰেৰণ যোগায় অচিনাকী পথবোৰেৰে আগুৱাই যাবলৈ। শান্ত সৌম্য লুইতৰ পাৰত হেনো দুষ্ট মনবোৰেও শান্তি লভে আৰু বিচাৰি পাই অপূৰ্ণ জীৱনৰ নতুন অৰ্থ আৰু যদি কোনো উভতি যায় নিজৰ দেশলৈ এই “যাদুৰ দেশ”ৰ পৰা, তেওঁলোকক অন্য সকলে সমীহ কৰি চলে নতুবা কোনো কোনোৱে পূজা অৰ্চনাও কৰে।”