(অসমীয়া চলচিত্ৰৰ চিত্ৰনাট্যকাৰ হোৱাৰ সপোনেৰে ২০১৬/১৭ চনত নিজৰ কাহিনীৰে এই চিত্ৰনাট্যখন লিখিছিলোঁ। গীত সমূহ লিখিছিল মোৰ বন্ধু অভিলাষ দাস, প্ৰানজিত বৰা আৰু প্ৰাঞ্জল দাসে। অসমীয়া ছবিজগতৰ কেইবাজনো পৰিচালক- প্ৰযোজক- অভিনেতাৰ দুৱাৰে দুৱাৰে ঘূৰাৰ পাছতো আৰু কেইবাবাৰো তেওঁলোকৰ তাগিদাত কাহিনী/চিত্ৰনাট্যৰ কিছু সালসলনি কৰাৰ পাছতো অৱশেষত বিফলতাই দেখিলোঁ। চিনেমাখন নহ’লগৈ। চিত্ৰনাট্যখন লৈ প্ৰথম Dr Devi Charan Thakur Movie Script Competition, 2021 ত অংশগ্ৰহন কৰিছিলোঁ যদিও প্ৰথম তিনিটা স্থান পাবলৈ সক্ষম নহ’লোঁ। অৱশেষত গোটেই চিত্ৰনাট্যখন ইয়াতে সাঁচি থলোঁ।)
উৰুকা
( এজন অৱসৰ প্ৰাপ্ত শিক্ষক কেইবা দশকৰ পাছত নিজৰ জন্মস্থানলৈ ঘূৰি আহি কি হৈছিল? এই কাহিনীটোকে নিৰ্ভৰ অসমৰ এজন চিনাকী চলচিত্ৰ পৰিচালকৰ তাগিদাত চিত্ৰনাট্যখন লিখিছিলোঁ ২০১৭ চনত এখন পূৰ্ণ দৈৰ্ঘ্য চলচিত্ৰৰ বাবে। কিন্তু বিভিন্ন কাৰণত চলচিত্ৰখন নহ’লগৈ। ৰাইজলৈ সম্পূৰ্ণ চিত্ৰনাট্যখন আগবঢ়ালোঁ। )
পঞ্চ কৌৰৱ
(তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্চবিংশতম বাৰ্ষিক ক্ৰিয়াত (২০২২-২৩ বৰ্ষ) আমাৰ নাটক “পঞ্চ কৌৰৱ”(Later renamed as ‘Chakravyuh’)। নাটকখনৰ ৰচনা আছিল মোৰ। আমি দুটা বঁটা লাভ কৰিলোঁ। শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ: ফাৰুক আজিজ আৰু শ্ৰেষ্ঠ অভিনেতাঃ তন্ময় বৰ্মন (মুখ্য চৰিত্ৰ)। নাটকখনৰ পৰিচালনা ফ্ৰেংকলিন বুৰাগোহাই আৰু প্ৰযোজনা শৰাইঘাট চি ভি ৰমন ছাত্ৰ নিৱাস আৰু জিৰি ছাত্ৰীনিৱাস তেজপুৰ বিশ্ববিদ্যালয়ৰ। নাটকখনৰ বাবে জীৱনত প্ৰথমবাৰৰ বাবে এটা গীতো লিখিলোঁ। গীতটি সুৰেৰে সজাইছিল জয়দ্বীপ সিংহই।)
ৰিজাল্টৰ খবৰ
কেইবছৰমানৰ আগৰ কথা। মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ দিনাখন মই কৰ্মভূমি তেজপুৰলৈ গৈ আছিলোঁ। সন্ধিয়াৰ সময় হৈছিল। ৰিজাল্টৰ খবৰবোৰ তেতিয়ালৈ আৰু গৰম খবৰ হৈ থকা নাছিল। মঙলদৈৰ আস্থানত বহু সময় আমাৰ বাছ ৰৈ আছিল। তেনেতে এজন আদহীয়া মানুহ বাছখনত উঠিল। মোৰ ওচৰৰ আসনখনত বহিল। বাছখন চলিবলৈ ধৰিছিল। তেনেতে আন এজনে পাছফালৰ পৰা মাত লগালে, “ছাৰ ক’ৰ পৰা আহিল?” “অলপ ল’ৰা-ছোৱালীবোৰৰ খবৰ লৈ আহিলোঁ।”
ৰামায়ণ, ৰামচন্দ্ৰ আৰু ৰামৰাজ্যৰ সপোন
ডি ডি নেশ্যনেলত ৰামায়ণ আকৌ এবাৰ শেষ হ’ল। পিতৃ সত্য পালন কৰি ১৪ বছৰলৈ বনবাস স্বীকাৰ কৰি লোৱা পুত্ৰ ৰামচন্দ্ৰক ৰাইজে দেখিলে। পৰম পৰাক্ৰমী ৰাৱনক দমন কৰি সতী সীতাৰ অপমানৰ পোটক তোলা স্বামী ৰামচন্দ্ৰকো ৰাইজে দেখিলে। জনকনন্দিনী সীতাৰ প্ৰতি অফুৰত্ন প্ৰেম থকাৰ পাছতো কেৱল মাথো ৰামৰাজ্যৰ প্ৰজাসকলৰ সন্তুষ্টিৰ বাবে নিজৰ পত্নীক ত্যাগ কৰা ৰজা ৰামচন্দ্ৰকো ৰাইজে দেখিলে। আকৌ সীতাৰ বিয়োগত অসহায় হৈ পৰা আৱেগ বিহ্বল ৰামচন্দ্ৰৰ চকুত চকুপানীও ৰাইজে দেখিলে। আকৌ নিজৰ সন্তানক বুকুত আকোৱালী লোৱা পিতৃ ৰামচন্দ্ৰকো ৰাইজে দেখিলে।
মোৰ কোনো জাতি নাই
মোৰ কোনো ধৰ্ম নাই
মোৰ কোনো ভাষা নাই
মোৰ কোনো দেশ নাই
মই শ্ৰমিক।
কল্পনা এক নতুন অসমৰ!!!
হয়তো এদিন সকলো এক হ’ব।
বিভেদবোৰ পাহৰি হিন্দু- মুছলমানবোৰ এদিন মানুহ হ’ব।
হয়তো কোনোৱে কেতিয়াবা মছজিদত ভাগৱত পঢ়িব বা মন্দিৰত কোৰাণ।
মছজিদৰ মাইকত ভাহি আহিব বৰগীতৰ অমীয়া সুৰ।
ভূপেন দা ইজ নৌ মৌৰ
স্নেপশ্বট১:
নব্বৈৰ দশকৰ শেষৰ ফালৰ কোনো এটা সন্ধিয়াৰ কথা। চন তাৰিখ মনত নাই। স্থান গোলাঘাট। ছমহীয়া পৰীক্ষালৈ বেছি দিন নাই আৰু। মই পঢ়া মেজত অসমীয়াৰে নে ইংৰাজীৰ পদ্য মুখস্থত ব্যস্ত। দাড়ি- কমা একো এৰা নাই। এবাৰ ওপৰলৈ চাই নোচোৱাকৈ মাতো, এবাৰ লিখিবলৈ আৰম্ভ কৰোঁ। মুঠতে পৰীক্ষাৰ জ্বৰে ভালদৰে পাইছিল। তেনেতে দেখিলোঁ দেউতাই ক’ৰবালৈ যাবলৈ ওলাইছোঁ। মই সুধিলোঁ, “ক’লৈ যোৱা?”, “জেনেৰেল ফিল্ডৰ পৰা আহোঁ। আজি ভূপেন দা আহিব নহয়?” “ময়ো যাম” বুলি ক’বলৈ বিচাৰিও নক’লোঁ। কাৰণ এই পৰীক্ষাৰ আগত গানৰ অনুষ্ঠান চাবলৈ এনেও নিদিয়ে। গতিকে মিছা-মিছিকৈ কেঁচা গালিকেইটা খোৱাৰ কোনো যুক্তি নাই। মই সকলো বাদ দি কবিতা মুখস্থ কৰাত মনোনিবেশ কৰিলোঁ। তথাপি এবাৰ আশা কৰিছিলোঁ দেউতাই কিজানি এবাৰ লগ ধৰেই। নাই নধৰিলে। তথাপি দেউতাৰ বাজাজ স্কুটাৰখনৰ শেষ শব্দতো নোহোৱা হোৱালৈ আশা বাদ দিয়া নাছিলোঁ। বহু দুখ মনে এবাৰ ঘড়ীলৈ, এবাৰ কিতাপলৈ চাব ধৰিলোঁ। দূৰৈৰ জেনেৰেল ফিল্ডৰ পৰা অহা হাই উৰুমিবোৰে কিবা মনতো আৰু বেছি সেমেকাই তুলিলে। অলপ সময়ৰ পাছত দেউতাৰ স্কুটাৰৰ মাত আকৌ শুনিলোঁ। মই বোলো কি হ’ল।
মাৰ খং উঠিছে?
নিঃ শব্দ নীৰৱ শান্ত ৰাতিবোৰ
যেন ক্ৰমাৎ অসহনীয় হৈ আহিছে।
হে প্ৰকৃতি, কিমান আৰু প্ৰতিষোধ লোৱা?
আমিওতো তোৰেই সন্তান।
অবুজ মানৱে আৰু কষ্ট নিদিয়ে
কাকো কেতিয়াও।
অসমীয়া মুছলমানৰ নামবোৰ
প্ৰায়ে এটা অভিযোগ উঠে যে ভাৰতবৰ্ষত/ কিছু কিছু পৰিমাণে অসমতো মুছলমানসকলক বিদেশী বুলি কোৱা হয়। ইয়াৰ প্ৰধান কাৰণ হৈছে তেওঁলোকে নিজৰ নামটো নিজৰ ভাষাত নাৰাখি ৰাখে বিদেশী আৰৱী ভাষাত। উদাহৰণস্বৰূপে অসমৰ ৯৯ শতাংশ মুছলমানে আৰৱী বুজি নাপায়। (কোৰাণ স্বৰীফৰ আয়াত বহুতৰে মুখস্থ থাকে, কিন্তু একো নুবুজাকৈ ) কিন্তু নিজৰ ল’ৰা- ছোৱালীৰ নামটো আৰৱীত থিকেই ৰাখে। আৰৱী নাম ৰখাৰ কাৰণে আগতে কিতাপ কিনিবলৈ পাইছিল। আজিকালি অৱশ্যে নেটত খুচৰি ৰাখে। অসমৰ ৯৯ শতাংশ মুছলমান বড়ো, ৰাভা, দেউৰী, কছাৰী, কোচ আদি জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত হোৱা। ইয়াতে পূৰ্ব বংগৰ পৰা প্ৰৱৰ্জনকাৰী ৰূপত অহা মুছলমানো আছে যদিও তেওঁলোকৰ পূৰ্বপুৰুষসকলো থিক তেনেকৈয়ে কোচ, ৰাজবংশী আদিৰ পৰা ধৰ্মান্তৰিত হোৱা মুছলমান। কিন্তু তেওঁলোকেও নিজৰ জনগোষ্ঠীয় চিনাকী পাহৰি নিজৰ ভাষা পাহৰি বিদেশী ভাষাত নিজৰ নামবোৰ ৰাখিলে। মোৰ নিজৰে পূৰ্ব -পুৰুষ দেউৰী আছিল বুলি শুনিছো যদিও দেউৰী ভাষা সংস্কৃতিৰ বিষয়ে মই একো নাজানো। গতিকে মই সকলোকে অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ ভৱিষ্যত প্ৰজন্মৰ নামবোৰ যদি আমি নিজৰ অসমীয়া ভাষাত নাৰাখোনো কিয়? শুনিবও সুৱলা হ’ব। লগতে অসমীয়া চিনাকীও আমাৰ নামতে লুকাই থাকিব।